অসম

assam

By

Published : Mar 27, 2021, 3:47 PM IST

ETV Bharat / state

হোলীগীতৰ গুঞ্জনত মুখৰিত সত্ৰনগৰী

শনিবাৰে পুৱাৰ পৰা উখল-মাখল সত্ৰনগৰী বৰপেটা ৷ তিনিদিনীয়া কাৰ্যসূচীৰে বৰপেটাত আৰম্ভ শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ৷ ৰাজপথত আয়োজন ‘বাটে বাটে হোলীগীত’ শীৰ্ষক প্ৰতিযোগিতা ৷

holi-competition
হোলীগীতৰ মূৰ্চ্ছনাত ডুব গ’ল সত্ৰনগৰী

বৰপেটা,27 মাৰ্চ:নিৰ্বাচনৰ মাজতে দৌল মহোৎসৱ উপলক্ষে শনিবাৰে পুৱাৰ পৰাই উখল-মাখল হৈ পৰিছে সত্ৰনগৰী বৰপেটা ৷ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দ্বিতীয় বৈকুণ্ঠপুৰী খ্যাত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ৷

ইফালে স্থানীয় ৰাইজিং ক্লাবৰ উদ্যোগত অনুষ্ঠিত হয় এখন ব্যতিক্ৰমী হোলীগীত প্ৰতিযোগিতা ৷ ‘বাটে বাটে হোলীগীত’ শীৰ্ষক প্ৰতিযোগিতা উপভোগ কৰিবলৈ লোকে লোকাৰণ্য হৈ পৰে সত্ৰনগৰীৰ ৰাজপথ ৷ সত্ৰৰ দালানৰ সন্মুখত বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই হোলীগীত প্ৰতিযোগিতাখনি উদ্বোধন কৰাৰ পাচতেই এটাৰ পিচত আনটো দলে বাটে বাটে হোলীগীত গাই কৃষ্ণ প্ৰেমৰ বন্দনাৰে মুখৰিত কৰি তোলে ৰাজপথ ৷

হোলীগীতৰ মূৰ্চ্ছনাত ডুব গ’ল সত্ৰনগৰী

বাটে বাটে হোলীগীত প্ৰতিযোগিতাৰ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে জনপ্ৰিয় অভিনেত্ৰী ময়ূৰী গৌতম আৰু জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা কলিতাই ৷ এই সময়চোৱাত বৰপেটাৰ ৰাজপথত সৃষ্টি হয় এক অনন্য পৰিৱেশৰ ৷ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই বাৰ্ধক্যকো নেওচি উলহ-মালহেৰে হোলীগীত গাই কৃষ্ণপ্ৰেমত মতলীয়া হৈ পৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক :লখিমপুৰত ভোটগ্ৰহণত ৰিগিঙৰ অভিযোগ

ABOUT THE AUTHOR

...view details