অসম

assam

By

Published : Mar 11, 2020, 12:15 PM IST

ETV Bharat / state

ৰঙেৰে একাকাৰ সত্ৰনগৰী বৰপেটা

বৰপেটা সত্ৰত ৮ মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ আৰম্ভ হোৱা দৌল মহোৎসৱৰ আজি শেষদিন ৷ দৌল উসৱৰ শেষৰ দিনটোত বৰপেটা সত্ৰত পালন কৰা হয় সুঁৱেৰী উৎসৱ ৷ বৃহস্পতিবাৰে নিশা গোসাই দৌলৰ পৰা নমাৰ পিচতেই বুধবাৰ হোলীগীতৰ সুৰ আৰু আবিৰৰ ৰঙত ডুব যায় বৰপেটাৰ প্ৰতিজন লোকে ৷

বৰপেটা
ৰঙেৰে একাকাৰ সত্ৰনগৰী বৰপেটা

বৰপেটা, ১১ মাৰ্চঃ বৰপেটা সত্ৰত ৮ মাৰ্চৰ পৰা সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে চাৰিদিনীয়াকৈ আৰম্ভ হোৱা দৌল মহোৎসৱৰ আজি শেষদিন ৷ বুধবাৰে বৰপেটা সত্ৰত পালন কৰা হৈছে সুঁৱেৰী উৎসৱ ৷ ৰঙে একাকাৰ হৈ পৰিছে সত্ৰনগৰী বৰপেটা ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি গোসাই দৌলগৃহত আৰোহন কৰি থকা সময়ত ভক্তসকলে ফাকু খেলিব নোৱাৰে ৷ মাথো গোসাইক ফাকুগুৰিৰে সেৱা জনায় ভক্তসকলে ৷ ৮ মাৰ্চত বহ্নুৎসৱৰ নিশা দৌলত আৰোহন কৰা দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক নক্ষত্ৰ গণনা অনুসৰি মঙলবাৰে নিশা দৌলগৃহৰ পৰা নমাই যগমোহন গৃহত ৰখা হৈছে ৷ বৃহস্পতিবাৰে নিশা গোসাই দৌলৰ পৰা নমাৰ পিচতেই বুধবাৰ হোলীগীতৰ সুৰ আৰু আবিৰৰ ৰঙত ডুব যায় বৰপেটাৰ প্ৰতিজন লোকে ৷

ৰঙেৰে একাকাৰ সত্ৰনগৰী বৰপেটা

বুধবাৰে পুৱাৰে পৰাই আয়তী,পুৰুষ,মহিলা যুৱক যুৱতীসকল বৰপেটা সত্ৰত উপস্থিত হৈ ইজনে সিজনক ফাকুগুৰিৰে হোলীৰ শুভেচ্ছা জনায় ৷ আবিৰৰ ৰঙত ৰঙীন হৈ পৰা সত্ৰনগৰীৰ আকাশ বতাহ মুখৰিত হৈ পৰে মন প্ৰাণ উতলা কৰা হোলীগীতৰ সুৰেৰে ৷ বৰপেটাৰ প্ৰাণৰ উছৱ,মনৰ উছৱ,ৰঙৰ উছৱ দেউলৰ আনন্দ উলাহত মতলীয়া হৈ পৰা প্ৰতিজনৰ কন্ঠৰ পৰা নিগৰিত হয় হোলীগীতৰ অমিয়া সুৰ ৷ আবিৰৰ ৰং,কৃষ্ণপ্ৰেম আৰু প্ৰকৃতি বন্দনাৰে মুখৰিত হোলীগীতৰ সুৰত বৈকুন্ঠপুৰীত পৰিণত হৈ পৰে সত্ৰনগৰী বৰপেটা ৷

ইপিনে আজি আবেলি দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোঁসাইক দুখন দোলাত তুলি গায়ন বায়ন,বুঢ়াসত্ৰীয়া প্ৰমুখ্যে হেজাৰ হেজাৰ ভক্তই কলবাৰী সত্ৰলৈ হেকেটা খুৱাবলৈ লৈ যায় ৷ দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোঁসাইৰ সৈতে বাৰাদি সত্ৰৰ গোসাইকো ডোলাত তুলি কলবাৰী সত্ৰলৈ লৈ যোৱা হয় ৷ ধৰ্মীয় বিশ্বাস আৰু লৌকিক পৰম্পৰাৰে পালিত হৈ অহা মাহজাতীয় শস্য হেকেটা খুৱাই গোসাইক কলবাৰী সত্ৰৰ পৰা বৰপেটা সত্ৰলৈ গোঁসাই উভতি আহি বৰপেটা সত্ৰৰ দালানৰ সমুখ পোৱাৰ সময়তে সত্ৰৰ টুপৰ চোতালত অনুষ্ঠিত হয় বাঁহ ভঙা কাৰ্য ৷ ইয়াৰ পিচতে গোঁসাইক সত্ৰৰ কীৰ্তনঘৰৰ চাৰিওফালে সাত পাক প্ৰদক্ষিণ কৰাই মণিকূট গৃহত প্ৰবেশ কৰে ৷ দুয়োজনা গোসাই মণিকূট গৃহত প্ৰৱেশৰ পূৰ্বে পৰম্পৰাগত বোলবোলনি অনুষ্ঠান অনুষ্ঠিত হয় ৷ গোঁসাই মণিকূটত প্ৰৱেশৰ লগে লগে সামৰণি পৰে সত্ৰনগৰী বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱৰ ৷ ইয়াৰ লগে লগে নিজম পৰে আবিৰৰ ৰঙ, কৃষ্ণপ্ৰেম আৰু ভকতিৰ অমিয়া ৰসত বুৰ গৈ থকা সত্ৰনগৰী বৰপেটা ৷

আৰু পঢ়কঃ চলিত বছৰতে মুকলি হ'ব ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়

ABOUT THE AUTHOR

...view details