অসম

assam

By

Published : Sep 5, 2021, 9:09 PM IST

ETV Bharat / state

তিনি শতাধিক যুৱক ISIS ত প্ৰশিক্ষণ লৈ হৈছে সাজু অসমত সোমাবলৈ : হিন্দু যুৱ ছাত্ৰ পৰিষদ

আগন্তুক দুৰ্গা পূজাৰ পূৰ্ৱে চৰকাৰে যদি ক’ভিড প্ৰট’কল শিথিল কৰি দিয়ে তেন্তে কুটাঘাটৰ আশংকা আছে ৷ সেয়ে ৰাস কমিটি, দুৰ্গা পূজা কমিটি সমূহক সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে হিন্দু যুৱ ছাত্ৰ পৰিষদে ৷

তিনি শতাধিক যুৱক আইছিচত প্ৰশিক্ষণ লৈ সাজু অসমত সোমাৱলৈ : হিন্দু যুৱ ছাত্ৰ পৰিষদ
তিনি শতাধিক যুৱক আইছিচত প্ৰশিক্ষণ লৈ সাজু অসমত সোমাৱলৈ : হিন্দু যুৱ ছাত্ৰ পৰিষদ

বৰপেটাৰোড, 5 ছেপ্তেম্বৰ : প্ৰায় তিনি শতাধিক যুৱক আইছিচত(ISIS) প্ৰশিক্ষণ লৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সোমোৱাৰ বাবে অপেক্ষাৰত হৈ আছে ৷ দেওবাৰে বৰপেটাৰোড প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই মন্তব্য কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নেতা বলেন বৈশ্যই ।

তিনি শতাধিক যুৱক আইছিচত প্ৰশিক্ষণ লৈ সাজু অসমত সোমাৱলৈ : হিন্দু যুৱ ছাত্ৰ পৰিষদ

তাৰোপৰি অসমত তালিবানী সমৰ্থক ধৰা পৰাৰ লগতে অসম আৰক্ষীক অতি ক্ষীপ্ৰতাৰে তালিবানী সমৰ্থকক গ্ৰেপ্তাৰ কৰাৰ বাবে ধন্যবাদ জনাই হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নেতা গৰাকীয়ে ৷ নেতাগৰাকীয়ে লগতে কয় যদি অসম আৰক্ষীয়ে ১০/১৫ দিন অপেক্ষা কৰিলে হেতেন তেন্তে লাখৰ পৰিমাণত অসমত তালিবানৰ সমৰ্থক ওলালে হেতেন ৷

তাৰোপৰি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নেতা গৰাকীয়ে অসমত জেহাদীয়ে গিজগিজাই আছে বুলিও উল্লেখ কৰি কয়, আগন্তুক দুৰ্গা পূজাৰ পূৰ্ৱে চৰকাৰে যদি ক’ভিড প্ৰট’কল শিথিল কৰি দিয়ে তেন্তে কুটাঘাতৰ আশংকা আছে ৷ সেয়ে ৰাস কমিটি, দুৰ্গা পূজা কমিটি সমূহক সতৰ্ক হৈ থকাৰ আহ্বান জনায় বৈশ্যই ৷

লগতে পঢ়কঃ AJP ৰ আহ্বানত গুৱাহাটীলৈ আহিব মহাৰাজা প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মন

লগতে আৰক্ষী আৰু চৰকাৰৰ চোৰাংচোৱা শাখাবোৰকো সক্ৰিয় হৈ থাকিবলৈ আহ্বান জনায় হিন্দু যুৱ ছাত্ৰ পৰিষদে ৷ চৰকাৰ সজাগ আৰু সচেতন নহ’লে ৰাজ্যত ভয়ানক ঘটনা সংঘটিত হৈ যাব বুলিও কয় হিন্দুত্ববাদী নেতা গৰাকীয়ে ৷

আনহাতে অসম চৰকাৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মূৰৰ কামোৰণি বৃদ্ধিৰ বাবে চীনে এই সমগ্ৰ চক্ৰান্ত কৰিছে বুলি কয় হিন্দুত্ববাদী নেতা গৰাকীয়ে ৷ চীন শক্তিশালী দেশ কাৰণে চীনে ভাৰত চৰকাৰক খাতিৰ নকৰে, গতিকে ভাৰতৰ ভুল নীতিৰ ফলত পাকিস্তান, বাংলাদেশ, নেপাল, ম্যানমাৰৰ লগত সম্পৰ্কত ব্যাঘাত জন্মোৱা বুলি উল্লেখ কৰে নেতা গৰাকীয়ে ৷

একেদৰে এআইইউডিএফ বাংলাদেশী মুছলমানৰ দ্বাৰা চালিত বাংলাদেশী মুছলমানৰ সংগঠন বুলি উল্লেখ কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নেতা বলেন বৈশ্যই ৷ লগতে কয়, এআইইউডিএফে ইছলামিক ৰাজ্য গঠনৰ চিন্তা কৰি আছে ৷

ৰছুল হক বাহাদুৰে মুছলমানৰ বাবে স্বায়ত্ত শাসন লাগে বুলি দাবী কৰাৰ কথা উল্লেখ কৰি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নেতা বলেন বৈশ্যই কয়, বৰপেটাৰ সাংসদ আব্দুল খালেকে ৰোহিংগীয়াৰ কাৰণে মৰিবও পাৰে মাৰিবও পাৰে ৷ তেওঁ লোকেই ভয়ানক ঘটনা সংঘটিত কৰাৰ আশংকা আছে ৰাজ্যত ৷

লগতে পঢ়কঃ চাকৰি দিয়াটো নহয় শিক্ষা দিয়াটোহে শিক্ষা বিভাগৰ মূল কাম : ৰণোজ পেগু

ABOUT THE AUTHOR

...view details