অসম

assam

ETV Bharat / state

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দাহ কৰা হ’ল বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তি

সোমবাৰৰ দিনটোত বাংলাদেশত সংঘটিত হোৱা হিংসাত্মক ঘটনাকলৈ অসমতো ব্যাপক প্ৰতিবাদত লিপ্ত হয় হিন্দু জাগৰণ মঞ্চ ৷ বাংলাদেশৰ সংখ্যালঘু হিন্দু ধৰ্মাৱলম্বী লোকৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ বিষয়টোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহক হস্তক্ষেপ কৰিবলৈকো আহ্বান জনায় প্ৰতিবাদকাৰী সকলে ।

hindu-organizations-in-assam-protests-against-violence-against-hindu-in-bangladesh
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দাহ কৰা হ’ল বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তি

By

Published : Oct 18, 2021, 10:08 PM IST

বৰপেটাৰোড,গোলাঘাট, 18 অক্টোবৰ : বাংলাদেশত সংঘটিত হোৱা হিংসাত্মক ঘটনাত জাঙুৰ খাই উঠিছে হিন্দু জাগৰণ মঞ্চ ৷ হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলা সমিতি আৰু বৰপেটাৰোড আঞ্চলিক সমিতিৰ উদ্যোগত সোমবাৰে বৰপেটাৰোডত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ প্ৰতিমূৰ্ত্তি দাহ কৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা হুচিয়াৰ, শ্বেখ হাচিনা মুৰ্দাবাদ, বাংলাদেশত থকা হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, ভাৰত মাতা কি, জয়শ্ৰী ৰাম আদি ধ্বনিৰে উত্তাল হ’ল বৰপেটাৰোড চহৰ ৷

বিগত কেবাদিন ধৰি বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই বন্ধ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই যদি বাংলাদেশত থকা হিন্দু লোকসকলৰ ওপৰত অত্যাচাৰ বন্ধ কৰিব নোৱাৰে, তেন্তে ভাৰতৰ পৰা বাংলাদেশলৈ যোৱা সকলো পথ বন্ধ কৰি দিয়াৰ লগতে ভাৰতৰ পৰা বাংলাদেশলৈ যোৱা খাদ্য সামগ্ৰী-ঔষধ আদিৰ যোগান বন্ধ কৰি দিয়াৰো হুংকাৰ প্ৰদান কৰে হিন্দু জাগৰণ মঞ্চই ৷

বাংলাদেশ, পাকিস্তানৰ লগতে কাশ্মীৰ আৰু অসমতো হিন্দু সংস্কৃতি ৰক্ষা কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনায় সংগঠনটোৱে ৷ অন্যথা ভাৰতৰ লাখ লাখ হিন্দুৱে আত্মবলিদান দিবলৈও প্ৰস্তুত বুলিও হুংকাৰ দিছে হিন্দু জাগৰণ মঞ্চই ৷

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দাহ কৰা হ’ল বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তি

একেদৰে, গোলাঘাটতো সোমবাৰৰ দিনটোত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ প্ৰতিমূৰ্ত্তি দাহ কৰা হয়। বাংলাদেশত দূৰ্গা পূজা আয়োজনত হিন্দু ধৰ্মাৱলম্বী লোকৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ বিৰোধিতা কৰি গোলাঘাটৰ ৰাজপথত শ্বেখ হাছিনাৰ প্ৰতিমূৰ্ত্তি দাহ কৰে হিন্দু যুৱ পৰিষদ অসমে । গোলাঘাটৰ বাটা পইন্টত হিন্দু যুৱ পৰিষদৰ সদস্যসকলে বাংলাদেশৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ।

প্ৰতিবাদকাৰী সকলে দাবী কৰে যে প্ৰত্যেক বছৰে বাংলাদেশত সংখ্যা গৰিষ্ঠ মুছলমান ধৰ্মীয় লোকৰ ধাৰ্মিক আক্ৰমণৰ ফলত ২.৯ লাখ হিন্দু পলায়ন অথবা ধৰ্ম পৰিবৰ্তন কৰিবলৈ বাধ্য হৈছে। পুনৰবাৰ বাংলাদেশৰ সংখ্যালঘু হিন্দু ধৰ্মাৱলম্বী লোকৰ আক্ৰমণৰ দৰে ঘটনা সংঘটিত হোৱাৰ বিষয়টোকলৈ সৰৱ হৈ উঠে সংগঠনটো। এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহক হস্তক্ষেপত কৰিবলৈকেও আহ্বান জনায় প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়ক :অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰতিষ্ঠাৰ ডিজাইন চলিছে অসমত : পলাশ চাংমাই

ABOUT THE AUTHOR

...view details