বৰপেটা, ২০ জুনঃ বৰপেটাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে ৷ ৰঙা চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্য সকলে ৷
চীনৰ বিৰুদ্ধে বৰপেটাত উত্তাল প্ৰতিবাদ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
বৰপেটাত ৰঙা চীনৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে ৷ চীনা সামগ্ৰী বৰ্জন কৰিবলৈ ৰাইজক আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে ৷
ভাৰত-চীন সীমান্ত লাডাখৰ গালোৱানত সোমবাৰে নিশা সংঘটিত সংঘৰ্ষত ২০ জনকৈ ভাৰতীয় সেনা বিষয়াৰ লগতে জোৱান ছহিদ হয় ৷ উক্ত ঘটনাৰ বাবে ইতিমধ্যে দেশজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হোৱাৰ লগতে চীনৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল সংগঠনে ৷ ঠিক একেদৰে চীনৰ বিৰুদ্ধে শনিবাৰে বৰপেটা চহৰৰ পাঁচ আলি চকত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে ৷ প্ৰতিবাদকাৰী সকলে ৰঙা চীনৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে ৷ লগতে চীনা সামগ্ৰী বৰ্জন কৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ উপৰিও চীনৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰী সকলে ৷