বৰপেটাৰোড, 18 মে':বৰপেটাৰোডৰ বাসিন্দা তথা কংগ্ৰেছ নেতা মোজাম্মিল হকে আৰু তেওঁৰ পত্নী ৰেজিনা বেগমৰ নামত ক্ৰয় কৰা মাটি ডোখৰত কলহভাঙ্গাৰ যুৱক মিনাৰুল আবেদিনে দীৰ্ঘদিন ধৰি "হাৰ্বছ এণ্ড স্পাইচেছ" নামৰ এখন ফাষ্ট ফুডৰ ৰেষ্টুৰেণ্টত খুলি অনৈতিক কাৰ্য চলাই থকা বুলি অভিযোগ উত্থাপিত হৈছিল ৷ গ্ৰাহকৰ পৰা প্ৰতি ঘন্টাত তিনিশ টকাকৈ আদায় লৈ মিনাৰুল আবেদিনে যুৱক-যুৱতীক অনৈতিক কাৰ্য চলাবলৈ সুবিধা দিছিল ৷
সেয়ে বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দল এটাই বৰনগৰ ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া বিপুল ডেকাৰ উপস্থিতিত "হাৰ্বছ এণ্ড স্পাইচেছ"ত অতৰ্কিতে অভিযান চলায় ৷ অভিযান কালত "হাৰ্বছ এণ্ড স্পাইচেছ"ৰ পৰা কেবাজনো যুৱক-যুৱতীয়ে পিছ দুৱাৰেৰে পলায়ন কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ সেয়ে বৰপেটাৰোড আৰক্ষীয়ে বৰনগৰ ৰাজহ চক্ৰৰ সংলগ্ন ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত "হাৰ্বছ এণ্ড স্পাইচেছ" ৰেষ্টুৰেণ্টখন ছীল কৰি দিয়ে ৷