অসম

assam

By

Published : Dec 16, 2019, 10:15 PM IST

Updated : Dec 17, 2019, 2:17 PM IST

ETV Bharat / state

আন্দোলন চলাবলৈ সুকীয়া মঞ্চ গঠন কৰাৰ প্ৰয়োজন"-হেমেন দাস

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবে সকলো দল সংগঠনৰ প্ৰতিনিধিৰে এখন ঐক্য মঞ্চ গঠনৰ পোষকতা কৰে হেমেন দাসে ৷ দাসে আৰু কয় যে,দুই-এঠাইত বিক্ষিপ্ত ঘটনা সংঘটিত হ’লেও অসমত শান্তিপূৰ্ণভাৱে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন চলি আছে ৷ তৎসত্বেও অসমত সেনাবাহিনী মোতায়েন কৰা হৈছে ৷ এইয়া বিজেপি দলৰ ৰাজনীতিৰ এক কুশল নিদৰ্শন বুলি মন্তব্য কৰে সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

Hemen Das reaction on CAA
"অসমত CA(A) বিৰোধী আন্দোলন চলাই নিয়াৰ বাবে এখন মঞ্চ গঠন কৰাৰ প্ৰয়োজন"-হেমেন দাস

বৰপেটাৰোড, 16 ডিচেম্বৰঃ "নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন সোনকালে শেষ হ’ব বুলি অসমৰ ৰাইজে আশা কৰা নাই ৷ এই আইনখন কাৰ্যকৰী কৰাৰ বাবে বিজেপি-আৰ এছ এছ বদ্ধপৰিকৰ ৷ সেইবাবে অসমত এই আন্দোলন চলাই নিয়াৰ বাবে এখন মঞ্চ গঠন কৰাৰ প্ৰয়োজন হৈছে ৷" এই মন্তব্য বৰ্ষীয়ান বামপন্থী নেতাহেমেন দাসৰ ৷ সোমবাৰে নেতাগৰাকীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নেতাগৰাকীয়ে কয় যে,ৰাজনৈতিক সমস্যা ৰাজনৈতিভাৱেই সমাধান কৰিব লাগিব ৷ আনহাতে নাগৰিকত্ব সংশোধনী আইনখন যিহেতু গৃহীত হৈছে গতিকে ইয়াক অগ্ৰাহ্য কৰাৰ বাবে এক বিকল্প ৰাজনৈতিক শক্তিৰ প্ৰয়োজন বুলিও মন্তব্য কৰে হেমেন দাসে ৷

আন্দোলন চলাবলৈ সুকীয়া মঞ্চ গঠন কৰাৰ প্ৰয়োজন"-হেমেন দাস

আনহাতে,নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবে সকলো দল সংগঠনৰ প্ৰতিনিধিৰে এখন ঐক্য মঞ্চ গঠনৰ পোষকতা কৰে হেমেন দাসে ৷ দাসে আৰু কয় যে, দু-এঠাইত বিক্ষিপ্ত ঘটনা সংঘটিত হ’লেও অসমত শান্তিপূৰ্ণভাৱে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন চলি আছে ৷ তৎসত্বেও অসমত সেনাবাহিনী মোতায়েন কৰা হৈছে ৷ এইয়া বিজেপি দলৰ ৰাজনীতিৰ এক কুশল নিদৰ্শন বুলি মন্তব্য কৰে সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

আন্দোলন চলাবলৈ সুকীয়া মঞ্চ গঠন কৰাৰ প্ৰয়োজন"-হেমেন দাস

লগতে পঢ়ক- অসম চৰকাৰে CAAৰ বিৰোধিতা নকৰাতো লজ্জাজনক : প্ৰফুল্ল কুমাৰ মহন্ত

Last Updated : Dec 17, 2019, 2:17 PM IST

ABOUT THE AUTHOR

...view details