জনীয়া,24 নৱেম্বৰঃঐতিহাসিক মান-আহোমৰ শেষ ৰণস্থলী চতলা গাঁওখন মানাহ আৰু বেকী নদীৰ ভয়ংকৰ খহনীয়াৰ কৱলত পৰি প্ৰায় নিশ্চিহ্ন হোৱাৰ পথত। গাঁওখনৰ ৬১ টা পৰিয়ালৰ ঘৰ দুৱাৰ নৈৰ বুকুত জাহ যোৱাৰ লগতে শ শ বিঘা কৃষিভূমি নদীৰ বুকুত জাহ গৈছে। ঘৰ ভেটি হেৰুৱাই পথৰ ভিক্ষাৰীত পৰিণত হোৱা খহনীয়াগ্ৰস্ত লোকৰ খবৰ ল'বলৈ আহৰি নাই স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদৰ ৷
বৰপেটাত হেল্পলাইন ফাউণ্ডেশ্যনৰ খহনীয়াগ্ৰস্ত লোকক সাহাৰ্য - MLA Sherman Ali Ahmed
কলগাছিয়াৰ সেচ্ছাসেৱী সংগঠন হেল্পলাইন ফাউণ্ডেশ্যনে শতাধিক খহনীয়াগ্ৰস্ত পৰিয়ালক চাউল, চেনি,নিমখ,তেল,চাবোন,বিস্কুট আদিৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰে।

চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ সাহাৰ্য প্ৰদান নকৰাত কলগাছিয়াৰ সেচ্ছাসেৱী সংগঠন হেল্পলাইন ফাউণ্ডেশ্যনে শতাধিক খহনীয়াগ্ৰস্ত পৰিয়ালক চাউল, চেনি,নিমখ,তেল,চাবোন,বিস্কুট আদিৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰে। হেল্পলাইন ফাউণ্ডেশ্যনৰ সভাপতি শ্বাফিউল হাছান আৰু সম্পাদক বাহাৰুল ইছলামে চতলা গাঁওখন পৰিদৰ্শন কৰি খহনীয়াগ্ৰস্ত লোকৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী সমূহ। প্ৰায় চাৰি মাহ ধৰি খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত কেইবা শ বিঘা পাচলিৰ খেতি নদীৰ বুকুত বিলীন হৈ গৈছে । ইয়াৰ উপৰিও আন ৩০ টা পৰিয়াললৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে খহনীয়াই। শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে।
লগতে চাওকঃ ৰঙাপৰাত নিশা উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ শূন্যলৈ গুলিচালনা