জনীয়া,19 আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দাৱনদিয়া গাঁৱৰ নৌশাদ আলী নামৰ এগৰাকী ব্যক্তিয়ে ভাটাত কাম কৰি পোহপাল দি আহিছিল পৰিয়ালক ৷ কিন্তু আকস্মিকভাৱে ব্যক্তিগৰাকীৰ মৃত্য়ু ঘটাত পৰিয়ালটোলৈ নামি আহে অমানিশা ৷ দৰিদ্ৰ পৰিয়ালটিৰ বাবে সহায় বিচাৰি হেল্পলাইন ফাউণ্ডেশ্যন নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে প’ষ্ট আপলোড কৰে সামাজিক মাধ্যমত ৷ পৰৱৰ্তী সময়ত বহুকেইগৰাকী ব্যক্তিয়ে পৰিয়ালটোলৈ সহায়ৰ হাত আগবঢ়ায় । পৰিয়ালটোৰ মৰ্মবেদনা ভৰা এই খবৰ দৃষ্টিগোচৰ হৈছিল অসম ৰাজ্যিক জমিয়তৰ সভাপতি হজৰত মৌলনা মোস্তাক আনফৰৰ ৷ আনফৰে উক্ত পৰিয়ালটোৰ বিষয়ে অৱগত কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক ৷ মহিলাৰীয়ে ততালিকে পৰিয়ালটোক আগবঢ়াই 50 হেজাৰ টকাৰ আৰ্থিক অনুদান ৷
আৰ্তজনলৈ সহায়ৰ হাত হাগ্ৰামা মহিলাৰীৰ
বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ মহানুভৱতা ৷ কলগাছিয়াৰ দাৱনদিয়া গাঁৱৰ দৰিদ্ৰ মহিলাক ঘৰ সাজিবলৈ প্ৰদান কৰিলে ৫০ হেজাৰ টকাৰ আৰ্থিক সাহায্য ।
আৰ্তজনলৈ সহায়
হাগ্ৰামা মহিলাৰীৰ এনে কাৰ্যৰ বাবে আনন্দমুখৰ পৰিৱেশ দেখা যায় পৰিয়ালটোত ৷ সোমবাৰে অসম ৰাজ্যিক জমিয়তৰ সভাপতি হজৰত মৌলনা মোস্তাক আনফৰৰ নিৰ্দেশমৰ্মে ওদালগুৰি জমিয়ত উলেমা আৰু হাগ্ৰামা মহিলাৰীৰ প্ৰতিনিধিৰ এটা দলে কলগাছিয়াত উপস্থিত হৈ মৃত নৌশাদ আলীৰ পত্নীক আগবঢ়াই এই আৰ্থিক সাহায্য ৷