জনিয়া, 7 মে’ :বিগত প্ৰায় ছমাহে বন্ধ হৈ আছে অভয়াপুৰীৰ পৰা বৰপেটা হৈ আমিনগাঁৱলৈ যোৱা 2নং বিকল্প ৰাজ্যিক ঘাইপথটো ৷ যোৱা বছৰ বাৰিষাৰ সময়ত বেকী নদীয়ে গতিপথ সলনি কৰি এই পথৰ নিচেই কাষেৰে বৈ গৈছিল ৷ যাৰ ফলত পথটোৰ অধিকাংশ অংশয়ে খহনীয়া(Erosion in kalgachia)ৰ কৱলত পৰে ৷
আনহাতে, বেকীৰ বানেও বিগত সময়ত ক্ষতিগ্ৰস্ত কৰে পথচোৱাৰ ৷ ভৱিষ্যতে যাতে পথচোৱাত কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত নহয়, তাৰ বাবে বৰপেটা জিলা প্ৰশাসনে(Barpeta District Administration) উক্ত পথচোৱাৰে গধুৰ যান-বাহন চলাচল কৰাৰ ক্ষেত্ৰত বান্ধি দিছিল নীতি-নিৰ্দেশনা ৷ কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত বামুণটাৰী বজাৰ অংশত এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰি আঁৰি দিয়া হৈছিল এখন ফলক ৷
নিৰ্দেশনা জাৰিৰ পিছতো যাতায়াত অব্যাহত গধুৰ বাহনৰ কিন্তু প্ৰশাসনৰ নিৰ্দেশনাক কেৰেপ নকৰি উক্ত পথচোৱাৰে আজিও অব্যাহত আছে গধুৰ যান-বাহনৰ চলাচল(Heavy vehicles continue to travel despite guidelines) ৷ পূৰ্বেও এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিল যদিও পথটোৰ সন্দৰ্ভত কঠোৰ নহ’ল স্থানীয় প্ৰশাসন ৷ স্থানীয় লোকসকলে এই সন্দৰ্ভত ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীক অৱগত কৰে যদিও কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷
উল্লেখ্য যে, এই পথচোৱাৰ দায়িত্বত নিয়োজিত আৰক্ষী বিষয়াসকলৰো ভূমিকা ৰহস্যজনক হোৱা পৰিলক্ষিত হৈছে ৷ যদিহে এনেক্ষেত্ৰত প্ৰশাসন অথবা বিভাগীয় কৰ্তৃপক্ষই কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে কোনো অনাংকাক্ষিক দুৰ্ঘটনা সংঘটিত হ’লে ইয়াৰ বাবে দায়ী হ’ব কোন ?
লগতে চাওক :প্ৰশাসনৰ নিৰ্দেশ উলংঘা কৰি যান-বাহন চলাচল: ক্ষুব্ধ স্থানীয় ৰাইজ