কলগাছিয়া, 12 অক্টোবৰ :কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাঙলাত হোৱা এক হত্যাকাণ্ডই সমগ্ৰ লাঙলাব্যাপী তীব্ৰ চাঞ্চল্য আৰু আতংকৰ সৃষ্টি কৰিছে । 24 ছেপ্টেম্বৰত মাটি সংক্ৰান্তীয় কামত লাঙলা গাঁৱৰ আবুল কালাম আজাদ সৰভোগলৈ বুলি ওলাই যোৱাৰ পৰাই নিৰুদ্দেশ হৈ আছিল ।
পৰৱৰ্তী সময়ত 26 ছেপ্টেম্বৰত কালামৰ ছোৱালীয়ে কলগাছিয়া আৰক্ষী থানাত লিখিতভাৱে অৱগত কৰে যদিও কলগাছিয়া আৰক্ষীয়ে কোনো তদন্ত নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।
ইফালে,9 অক্টোবৰত সুঁতিৰ পাথাৰ বেঁকী নদীত আবুল কালাম আজাদৰ মৃতদেহ উদ্ধাৰহয় । আবুল কালাম আজাদক হত্যা কৰি গধুৰ বস্তুৰ লগত ৰছীৰে বান্ধি ডুবাই দিয়া হৈছিল । কাচিৰে ৰছী কাটি কলগাছিয়া আৰু হাউলীৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰে যদিও আৰক্ষীয়ে ৰহস্যজনকভাৱে তথ্য প্ৰমাণৰ কাৰণে বান্ধি ডুবাই দিয়া বস্তুটো উদ্ধাৰ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়ক :লক ডাউনত বৃদ্ধি পাইছে নেকি অপৰাধজনিত ঘটনা ?