জনীয়া, 27 ছেপ্তেম্বৰ : বৰপেটাৰ কলগাছিয়া অসামৰিক চিকিৎসালয়(Kalgachia Civil Hospital)ত উত্তপ্ত পৰিস্থিতি ৷ উৎকট গৰমৰ মাজতো বিদ্যুৎ(Electricity) নিদিয়াত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । পিছে চিকিৎসালয়খনত কাৰ বাবে এইদৰে দুৰ্ভোগ ভুগিছে ৰোগীসকলে?
চিকিৎসালয়খনত ৰোগীৰ আত্মীয়সকলে সৃষ্টি কৰিছে এই অবৰ্ণনীয় পৰিস্থিতিৰ ৷ আত্মীয়সকলৰ অভিযোগ অনুসৰি, ৰোগীসকলে সা-সুবিধা পোৱাৰ পৰিৱৰ্তে সা-সুবিধা দিয়া হৈছে চিকিৎসক আৰু নাৰ্চ নথকা কোঠাত । ইফালে বিদ্যুৎ নথকাৰ বাবে উৎকট গৰমত বিচনীৰে বিচি বতাহ ল’বলগীয়া হৈছে ৰোগীসকলে ৷
উৎকট গৰমত দহিছে এখন চিকিৎসালয়ৰ ৰোগী লগতে পঢ়ক :হাস্পতালত নাই চিকিৎসক; আত্মীয়ৰ সহায়ত সন্তান প্ৰসৱ কৰিলে প্ৰসূতিয়ে
কিন্তু তাৰ পৰিৱৰ্তে চিকিৎসক আৰু নাৰ্চৰ কোঠাত কোনো নথকা অৱস্থাতো চলি আছে বৈদ্যুতিক ফেন । চিকিৎসালয়খনত থকা বিভিন্ন ৱাৰ্ডত ৰোগীৰ অনুপাতে ফেন নথকাত ৰোগীৰ আত্মীয়ই নিজেই ফেনৰ ব্যৱস্থা কৰাত সেই ফেনসমূহ চিকিৎসালয়খনৰ চিকিৎসক হাছমত আলীয়ে বন্ধ কৰি দিয়ে বুলি অভিযোগ উত্থাপন কৰে ৷
দেওবাৰে নিশাও 2 বজাৰ পৰা ৰোগীৰ কোঠাত বিদ্যুৎ সেৱা লাভ নকৰাৰ অভিযোগ তুলিছে ৰোগীসকলৰ আত্মীয়ই । এই ক্ষেত্ৰত শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ আত্মীয়ৰ লগতে স্থানীয় সচেতন মহলে ৷
লগতে পঢ়ক :ৰাজ্যৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক