অসম

assam

ETV Bharat / state

বন্ধ বাঘবৰ : শ্বেৰমান আলীৰ গ্ৰেপ্তাৰৰ বিৰোধীতাৰে প্ৰতিবাদ - শ্বেৰমান আলীৰ গ্ৰেপ্তাৰ

গৰুখুটিৰ ঘটনাৰ পিছত অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাকে ধৰি 855 গৰাকী শ্বহীদক ঘাতক আখ্যা দিয়াৰ অভিযোগত বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক শনিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ পাচতেই উত্তপ্ত হৈ পৰে বাঘবৰ সমষ্টি ৷ বিধায়কগৰাকীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে দেওবাৰে বাঘবৰত স্থানীয় বন্ধ ঘোষণা কৰে বাঘবৰবাসী ৰাইজে ৷

protest at baghbor
শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ বিৰিদ্ধে প্ৰতিবাদ বাঘবৰত

By

Published : Oct 3, 2021, 1:00 PM IST

বৰপেটা, ৩ অক্টোবৰ : বন্ধ বাঘবৰ ৷ কি দোকান-পোহাৰ, কি গাড়ী-মটৰৰ চলাচল ৷ দেওবাৰে সকলো বন্ধ বাঘবৰত ৷ কোনোবা যদি ওলাই আহিছে, তেওঁকো ঘূৰাই পঠিওৱা হৈছে ৷ এক প্ৰকাৰে পুৱাৰে পৰা স্তব্ধ হৈ পৰিছে বৰপেটাৰ বাঘবৰ সমষ্টি ৷

বিতৰ্কিত মন্তব্য কৰি ৰঙা ঘৰৰ আলহী হ’ল বিধায়ক শ্বেৰমান আলী ৷ ইয়াৰ পাচতেই উত্তপ্ত হৈ পৰে বাঘবৰ সমষ্টি ৷ বাঘবৰৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰাৰ বিৰোধীতাৰে দেওবাৰে বাঘবৰ সমষ্টিত বন্ধ পালন কৰিছে সমষ্টিবাসী ৰাইজে ৷

শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ বাঘবৰত

বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পুৱাৰে পৰা বাঘবৰৰ সমষ্টিৰ সকলো হাট-বজাৰ, চʼক, গাড়ী-মটৰৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ।

বাঘবৰত স্থানীয় বন্ধ ঘোষণা

প্ৰাপ্ত তথ্য অনুসৰি, মন্দিয়া ব্লক কংগ্ৰেছৰ আহ্বানত আৰু ৰাইজৰ সহযোগত পুৱা ৫ বজাৰ পৰা আবেলি ৫ বজালৈ ১২ ঘন্টীয়া বাঘবৰ সমষ্টি বন্ধ ঘোষণা কৰা হয় ৷ আনহাতে, বন্ধৰ প্ৰতি ব্যাপক সঁহাৰি জনাইছে ৰাইজে । সমষ্টিটোৰ মন্দিয়া, সত্ৰকণৰা, দিঘীৰপাম, বামুনদংৰাকে ধৰি সৰ্বত্ৰে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে । ইফালে প্ৰতিবাদকাৰীসকলে বিধায়ক শ্বেৰমান আলী আহমেদক বিনাচৰ্তে মুক্তিৰ দাবী জনোৱাৰ লগতে বিভিন্ন শ্ল’গানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

বন্ধ বাঘবৰ

ইফালে শনিবাৰেও প্ৰতিবাদত উত্তাল হৈ পৰে বাঘবৰ ৷ প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’ বেক, শ্বেৰমান আলী আহমেদক বিনা চৰ্তে মুক্তি দিয়ক আদি ধ্বনিৰে বাঘবৰৰ পৰিৱেশ উত্তাল কৰি তোলে । আনহাতে, অসম চৰকাৰলৈ প্ৰতিবাদকাৰীৰ হুংকাৰ, যেতিয়ালৈকে বিধায়ক শ্বেৰমান আলীক অসম আৰক্ষীয়ে এৰি নিদিয়ে তেতিয়ালৈকে অব্যাহত থাকিব বাঘবৰৰ এই আন্দোলন ।

লগতে পঢ়ক:সাম্প্ৰদায়িক মন্তব্য দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ হ'ব লাগে : শ্বেৰমান আলী

ABOUT THE AUTHOR

...view details