বৰপেটা ৰোড, 22 অক্টোবৰ: বৰপেটা ৰোডৰ চৰকাৰী চিকিৎসালয়ত যোৱা ১৭ অক্টোবৰত একেদিনাই ৩ গৰাকীকৈ প্ৰসূতিৰ মৃত্যু হোৱা ঘটনাৰ তদন্ত কৰিবলৈ বৃহস্পতিবাৰে চিকিৎসালয়লৈ অহা স্বাস্থ্য বিভাগৰ সঞ্চালক গৰাকী তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হবলগীয়া হয় ৷ প্ৰতিবাদকাৰী সকলে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক, স্বাস্থ্য বিভাগ হায় হায়, তিনি গৰাকী প্ৰসুতিৰ মৃত্যুৰ তদন্ত কৰি দোষীক শাস্তি দিয়ক, তদন্ত প্ৰক্ৰিয়া লেহেমীয়া কৰা নচলিব আদি শ্লোগান দি উত্তাল কৰি তোলে বৰপেটা ৰোডৰ চিকিৎসালয় চৌহদ ৷
বৰপেটা ৰোডত প্ৰতিবাদৰ সন্মুখীন স্বাস্থ্য বিভাগৰ সঞ্চালক - বৰপেটাৰোডৰ চিকিৎসালয় চৌহদ
বৰপেটা ৰোডৰ চৰকাৰী চিকিৎসালয়ত যোৱা ১৭ অক্টোবৰত একেদিনাই ৩ গৰাকীকৈ প্ৰসূতিৰ মৃত্যু হোৱা ঘটনাৰ তদন্ত কৰিবলৈ বৃহস্পতিবাৰে চিকিৎসালয়লৈ অহা স্বাস্থ্য বিভাগৰ সঞ্চালক গৰাকী সন্মুখীন হবলগীয়া হয় তীব্ৰ প্ৰতিবাদৰ ৷
স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ ৰথীন ভূঞা আৰু অতিৰিক্ত সঞ্চালক প্ৰদীপ টিমুঙৰ নেতৃত্বত অহা দলটোৱে সমগ্ৰ ঘটনাটোৰ তদন্ত চলাবলৈ আহি যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ প্ৰৱল প্ৰতিবাদৰ সন্মুখীন হয় ৷ স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ ৰথীন ভূঞাই কয় যে, স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশত প্ৰসুতিৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত এক নিৰপেক্ষ তদন্ত কৰা হ’ব ৷ লগতে এই মৰ্মান্তিক ঘটনাৰ এক নিৰপেক্ষ প্ৰতিবেদন চৰকাৰক দাখিল কৰিব বুলি উল্লেখ কৰি দোষীক উপযুক্ত শাস্তি দিয়া হ‘ব বুলি আশ্বাস প্ৰদান কৰে ৷
লগতে পঢ়ক: দৰঙৰ ধূলিত ৰোমাঞ্চকৰ নাও খেল প্ৰতিযোগিতা