অসম

assam

ETV Bharat / state

ভূত বাংলাত পৰিণত হোৱা এটা উপ স্বাস্থ‍্য কেন্দ্ৰ - ময়নবৰী সত্ৰ

বছৰ বছৰ ধৰি বন্ধ হৈ থকাৰ ফলত ভূত বাংলাত পৰিণত হৈছে এটা উপ স্বাস্থ‍্য কেন্দ্ৰ। কিন্তু কাগজে কলমে বৰ্তমানেও কাৰ্যক্ষম হৈ আছে উপ স্বাস্থ‍্য কেন্দ্ৰটো ৷ চৰকাৰী ধনৰ অপচয় দেখি ৰাইজে চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে ৷

health centre became bhoot bangla
ভূত বাংলাত পৰিণত হৈছে এই আজব উপ স্বাস্থ‍্য কেন্দ্ৰ

By

Published : May 29, 2021, 4:09 PM IST

জনিয়া, 29 মে’:বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত মন্দিয়া খণ্ড প্ৰাথমিক স্বাস্থ‍্য কেন্দ্ৰৰ অধীনস্থ নিজ ময়নবৰী উপ স্বাস্থ‍্য কেন্দ্ৰটো এতিয়া এটা ভূত বাংলাত পৰিণত হৈছে । ঐতিহাসিক ময়নবৰী সত্ৰৰ এটি অংশ হৈছে নিজ ময়নবৰী । উল্লেখযোগ্য যে, ময়নবৰী সত্ৰৰ অধিকাংশ মাটিয়েই এতিয়া ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত সম্পূৰ্ণৰূপে জাহ গৈছে।

আনহাতে, দীৰ্ঘ দিনৰ পৰা ময়নবৰীত নাই কোনো এটা স্বাস্থ‍্য কেন্দ্ৰ ৷ অঞ্চলটোৰ ৰাইজৰ স্বাস্থ্য সেৱাৰ একমাত্ৰ থল হিচাপে ময়নবৰীৰ গাতে লাগি থকা মৰাবাজ গাঁৱত আছিল এই উপ স্বাস্থ‍্য কেন্দ্ৰটো । একমাত্ৰ উপ স্বাস্থ‍্য কেন্দ্ৰটোও বানপানীয়ে উটুৱাই নিয়াৰ পিছত নিজ ময়নবৰীত ইয়াক পুনৰ স্থাপন কৰা হয় যদিও ২০১০ চনত প্ৰবল বানপানীত পুনৰ ভাঙি যায় ।

ভূত বাংলাত পৰিণত হৈছে এই আজব উপ স্বাস্থ‍্য কেন্দ্ৰ

পৰৱৰ্তী সময়ত এই উপ স্বাস্থ‍্য কেন্দ্ৰটো এতিয়া হাঁহ কুকুৰা, গৰু ছাগলীৰ বাসস্থান হৈ পৰিছে যদিও, কাগজে কলমে চলি আছে কেন্দ্ৰটো ৷ একাংশ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী অহমেদ, বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু বিভাগীয় কৰ্তৃপক্ষক বাবে বাৰে অভিযোগ দিয়াৰ পিছতো তেওঁলোকৰ গা লৰা নাই।

এতিয়া লক্ষ্যণীয় বিষয়টো হৈছে ৰাইজৰ দাবী শুনি চৰকাৰে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব নে এনেদৰেই চলি থাকিব চৰকাৰী ধনৰ অপচয় । সৰ্বশেষত স্থানীয় ৰাইজে এতিয়া নিজ ময়নবৰীত উপ স্বাস্থ‍্য কেন্দ্ৰটো আকৌ কাৰ্যক্ষম হ’ব লাগে আৰু জন স্বাস্থ‍্য সেৱাৰ নামত যাতে সাধাৰণ ৰাইজে যমৰ যাতনা ভুগিব নালাগে সেই আহ্বান জনাইছে বিভাগীয় মন্ত্ৰী আৰু নতুন চৰকাৰলৈ ।

লগতে পঢ়ক:ক’ভিডত আক্ৰান্ত হৈ দেহাৱসান লেহোৰাম বড়োৰ

ABOUT THE AUTHOR

...view details