বৰপেটা, 30 ছেপ্টেম্বৰ : বৰপেটা চহৰৰ সমীপৰ বাৰাদি গাঁৱত দেওবাৰে 'বৰপেটা এইছএছএলছি 1985' নামৰ সংস্থাটোৱে এক চিকিৎসা শিবিৰৰ আয়োজন কৰে ৷ বৰপেটা চহৰৰ 1985 চনত মেট্ৰিক উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলে ঐক্যবদ্ধ হৈ 'বৰপেটা এইছএছএলছি 1985' নামৰ সংস্থাটোৰ জৰিয়তে গ্ৰামাঞ্চলৰ দুখীয়া লোকসকলৰ বাবে এই চিকিৎসা শিবিৰ আয়োজন কৰে ৷
'বৰপেটা এইছএছএলছি 1985' ৰ চিকিৎসা শিবিৰ - 1985 চনত মেট্ৰিক উত্তীৰ্ণ পৰীক্ষাৰ্থী
বৰপেটা চহৰৰ সমীপৰ বাৰাদি গাঁৱত দেওবাৰে 'বৰপেটা এইছএছএলছি 1985' নামৰ সংস্থাটোৱে এক চিকিৎসা শিবিৰৰ আয়োজন কৰে ৷ বৰপেটা চহৰৰ 1985 চনত মেট্ৰিক উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলে ঐক্যবদ্ধ হৈ 'বৰপেটা এইছএছএলছি 1985' নামৰ সংস্থাটোৰ জৰিয়তে গ্ৰামাঞ্চলৰ দুখীয়া লোকসকলৰ বাবে এই চিকিৎসা শিবিৰ আয়োজন কৰে ৷
'বৰপেটা এইছএছএলছি 1985' ৰ চিকিৎসা শিবিৰ
বাৰাদি গাঁৱৰ পৰমেশ তালুকদাৰ হাইস্কুলত অনুষ্ঠিত এই শিবিৰটোত গুৱাহাটী আৰু শ্বিলঙৰ পৰা অহা 13 গৰাকীকৈ চিকিৎসকে ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰে ৷ বিভিন্ন স্বেচ্ছাসেৱী সংস্থা বা দল সংগঠনৰ বিপৰীতে বৰপেটা চহৰৰ 1985 চনৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ এনে সমাজ সেৱামূলক কাৰ্যক ৰাইজে শলাগ লৈছে ৷