অসম

assam

ETV Bharat / state

প্ৰধান শিক্ষকে বিক্ৰী কৰিলে বিদ্যালয়ৰ মাটি

বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা মেধেৰটাৰী বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জ্যোৎস্নাৰাণী বৰ্মনৰ সহযোগত ভুৱা প্ৰস্তাৱেৰে বিদ্যালয়ৰ নামত থকা ৭ বিঘা মাটি বিক্ৰী কৰে প্ৰদানশিক্ষকগৰাকীয়ে ৷

Head Master Sold School Land
প্ৰধান শিক্ষকেই বিক্ৰী কৰিলে বিদ্যালয়ৰ মাটি

By

Published : Jun 23, 2020, 2:15 PM IST

বৰপেটা, 23 জুন : বৰপেটাৰ মেধিৰটাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰ আজৱ কাণ্ড । বিদ্যালয়ৰ নামত থকা ৭ বিঘা মাটি জালিয়াতিৰে বিক্ৰী প্ৰধান শিক্ষক বাহাজ উদ্দীন আহমেদৰ । মাটি ঘুৰাই পোৱাৰ লগতে তদন্তৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী এছ এম ডি চিৰ সদস্য তথা স্থানীয় লোকৰ ।

প্ৰধান শিক্ষকে বিক্ৰী কৰিলে বিদ্যালয়ৰ মাটি

বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মেধেৰটাৰী হাইস্কুলৰ প্ৰধান শিক্ষকগৰাকীয়ে বাহাজ উদ্দীন আহমেদে 2019 চনত বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা মেধেৰটাৰী বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জ্যোৎস্নাৰাণী বৰ্মনৰ সহযোগত ভুৱা প্ৰস্তাবেৰে বিদ্যালয়ৰ নামত থকা ৭ বিঘা মাটি বিক্ৰী কৰে ৷ মাটিখিনি বিদ্যালয়ৰে কেৰাণী চাহাব উদ্দীনৰ ওচৰত ৯ লাখ ৮০ হেজাৰ টকাত বিক্ৰী কৰাৰ তথ্য পোৱা গৈছে । এই তথ্য পোহৰলৈ অহাৰ পিছতেই মেধেৰটাৰী গাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । বিদ্যালয়ৰ মাটি বিদ্যালয়ত ঘূৰাই অনাৰ বাবে বাঘবৰ ৰাজহ চক্ৰ বিষয়াক ৰাইজে ১৯ মাৰ্চত এখন আবেদন দাখিল কৰাৰ লগতে উক্ত বিষয়টো তদন্তৰ জৰিয়তে বিহিত ব্যৱস্থাৰ আহ্বান জনাইছিল এছ এম ডি চিৰ সদস্য তথা স্থানীয় লোকে । অভিযোগকাৰীসকলে বিদ্যালয়ৰ মাটি বিক্ৰীৰ ক্ষেত্ৰত দুজন সহকাৰী শিক্ষক জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ লগতে অতি সোনকালে বিদ্যালয়ৰ মাটি বিদ্যালয়ক ঘুৰাই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষামন্ত্ৰীক আহ্বান জনায় ।

প্ৰধান শিক্ষকে বিক্ৰী কৰিলে বিদ্যালয়ৰ মাটি

লগতে পঢ়ক: নুনমাটিত এজন লোকৰ দেহত কভিড পজিটিভ

ABOUT THE AUTHOR

...view details