জনীয়া, 22 নৱেম্বৰ: আঘোণৰ পথাৰত সোণোৱালী শস্য চপোৱাত ব্যস্ত হৈ পৰিছে সমগ্ৰ অসমৰ কৃষিজীৱি চহা ৰাইজ ৷ ৰাজ্যৰ আন সমুহ জিলাৰ সমান্তৰালকৈ পথৰাত ব্যস্ত হৈ পৰিছে বৰপেটা জিলাৰ কলগাছিয়াৰ কৃষক ৰাইজ ৷ প্ৰখৰ ৰ'দৰ মাজতো বৰপেটা জিলাৰ কলগাছিয়া কৃষি চক্ৰৰ অন্তৰ্গত কলগাছিয়া, বলাইপথাৰ, আমগুৰি, ৰছুলপুৰ, সোণাপুৰ, শওপুৰ আদি গাঁৱৰ কৃষজীৱি ৰাইজ এতিয়া ব্যস্ত হৈ পৰিছে সোণগুটি ধাননি চপোৱাত ৷
কলগাছিয়াত সোনগুটি চপোৱাত ব্যস্ত চহা কৃষক - Harvesting at Kalgasia
শাওনত মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা এতিয়া সোণালী হৈ পৰাত আনন্দিত হৈ পৰিছে কৃষক সকল ৷ ইয়াৰ মাজতে চৰকাৰী কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সহায় নোপোৱা বুলি ক্ষোভ প্ৰকাশ কৰে একাংশ কৃষকে ৷
কলগাছিয়াত সোনগুটি চপোৱাত ব্যস্ত চহা কৃষক
উল্লেখ্য যে, শাওনত মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা এতিয়া সোণালী হৈ পৰাত আনন্দিত হৈ পৰিছে কৃষক সকল ৷ ইয়াৰ মাজতে চৰকাৰী কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সহায় নোপোৱা বুলি ক্ষোভ প্ৰকাশ কৰে একাংশ কৃষকে ৷ বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাৰ বিপৰীতে সেই অনুপাতে ধান, চাউলৰ দাম বৃদ্ধি নোহোৱাত ক্ষোভ উজাৰিছে কৃষক সকলে ৷
লগতে পঢ়কঃতৰুণ গগৈৰ আৰোগ্য কামনাৰে মাডাৰ বৃদ্ধাৱাসৰ প্ৰাৰ্থনা