বৰপেটা , 08 মে':এন আৰ চিৰ নামত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে খিলঞ্জীয়া অসমীয়া পৰিয়াল ৷ এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভূক্ত বহু খিলঞ্জীয়া লোকৰ বিৰুদ্ধে এটা চক্ৰই ভুৱা অভিযোগ উত্থাপন কৰাৰ অভিযোগ ৷ জিলাখনৰ সৰভোগৰ হৰকুমাৰ গোস্বামী নামৰ এজন লোকে নিজৰ নাগৰিকত্ব সাব্যস্ত কৰিবৰ বাবে এন আৰ চি সেৱা কেন্দ্ৰৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিবলগীয়া হৈছে ৷
বৰপেটাত এন আৰ চিৰ নামত খিলঞ্জীয়া লোকৰ হাৰাশাস্তি ! - হাৰাশাস্তি
খিলঞ্জীয়া অসমীয়া লোকৰ বিৰুদ্ধে ভুৱা অভিযোগ ৷ নিজৰ নাগৰিকত্ব সাব্যস্ত কৰিবৰ বাবে এন আৰ চি সেৱা কেন্দ্ৰৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিবলগীয়া হৈছে অসমৰ খিলঞ্জীয়া লোক ৷
এন আৰ চিত অবৈধভাৱে নাম অন্তৰ্ভুক্তিৰ বিৰুদ্ধে একাংশ ঠিকনাবিহীন আৰু পৰিচয়হীন লোকে এন আৰ চি কতৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছিল ৷ আৰু এই অভিযোগৰ পাচতেই নিজৰ নাগৰিকত্বক লৈ বহু খিলঞ্জীয়া অসমীয়াই হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ জানিব পৰা মতে হৰকুমাৰ গোস্বামীৰ নাগৰিকত্বক লৈ কোনো লোকে এন আৰ চি কতৃপক্ষক আপত্তি দৰ্শাইছিল ৷ সেয়ে ভুক্তভোগী লোকজনে এন আৰ চিৰ শুনানীত অংশ লৈ অভিযোগকাৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰি আইনগত ব্যৱস্থা লোৱাৰো সকীয়নি দিয়ে ৷ ইয়াৰোপৰি এনে এক অন্যায় ব্যৱস্থাৰ বিৰুদ্ধে ৰাইজ ৰাজপথলৈ আহিব লাগে বুলিও আহ্বান জনায় গোস্বামীয়ে ৷ ইপিনে কেৱল সৰভোগৰ হৰকুমাৰ দেৱ গোস্বামীয়েই নহয়, এই লোকজনৰ দৰেই এতিয়া বহু খিলঞ্জীয়া লোকেও নাগৰিকত্বক লৈ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ অসমীয়া খিলঞ্জীয়া লোকে নিজৰ নাগৰিকত্বক লৈ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া ঘটনাই যেন নাগৰিকপঞ্জী প্ৰস্তুতৰ ক্ষেত্ৰত কোনো চক্ৰই ষড়যন্ত্ৰ চলাইছে বুলি সচেতন মহলৰ মাজত প্ৰশ্ন উদয় হৈছে ৷