জনিয়া, 3 আগষ্ট:ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ অনুষ্ঠিত হ'ব (Azadi Ka Amrit Mahotsav) ৷ আজাদী কা অমৃত মহোৎসৱ পালনৰ জৰিয়তে ১৩, ১৪ আৰু ১৫ আগষ্টত এইবাৰ "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে (Har Ghar Tiranga Abhiyan) ।
জন অংশীদাৰিত্বৰে ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়েও দেশবাসীক আহ্বান জনাইছে ৷ দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰপেটাৰ কলগাছিয়াতো ইয়াক লৈ ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে (Har Ghar Tiranga mission preparation at Kalgachia) ৷ ‘ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন’ কাৰ্যসূচী সফলভাৱে সম্পাদন কৰাৰ বাবে ৫৫ নং কলগাছিয়া গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত এখন বিশেষ গাঁওসভাৰ আয়োজন কৰা হয় (Meetings held for Har Ghar Tiranga campaign) ৷