মক্কাত হজৰ ব্যাপক প্ৰস্তুতি - barpeta
হজযাত্ৰী সকলক আদৰাৰ বাবে মক্কা-মদিনাৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ সজাই পৰাই তোলাৰ উপৰিও গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
জনীয়া, 21 জুনঃ চৌদি আৰৱৰ পবিত্ৰ মক্কাত হজৰ ব্যাপক প্ৰস্তুতি ৷ দেশখনৰ ৰজাৰ তৎপৰতাত হজযাত্ৰী সকলক আদৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । হজযাত্ৰীসকলক আদৰাৰ বাবে মক্কা-মদিনাৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ সজাই পৰাই তোলাৰ উপৰিও গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হজযাত্ৰীসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ৷ আনহাতে, আৰৱৰ প্ৰৱাসী অসমীয়া সাংবাদিকৰ উদ্যোগত মক্কাত গঠন কৰা হৈছে মেডিয়া কোষ ৷ ইমানেই নহয় অসমৰ হজযাত্ৰী সকলক সহায়ৰ উদ্দেশ্যে মুম্বাইৰ আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ কৰ্মকৰ্তা সকলেও লৈছে গুৰুত্বপূৰ্ণ ভূমিকা ৷