বৰপেটা, ১৬ ডিচেম্বৰ : ৰাজ্যত আৰম্ভ হৈছে ২১ৰ নিৰ্বাচনক লৈ ব্যাপক ৰাজনৈতিক তৎপৰতা ৷ সংখ্যালঘু মুছলমান লোকসকলক শিক্ষাৰ অভাৱৰ বাবেই ধৰ্মীয় গুৰু আৰু ৰাজনৈতিক নেতাসকলে ভয়ৰ মাজত ৰাখি ৰাজনীতি কৰি অহাৰ অভিযোগ তুলি ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰীয়ে সংখ্যালঘু মুছলমান লোকসকলক ভয়ৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰিছে 'ভয়ৰ পৰা স্বাধীনতা' শীৰ্ষক এক সজাগতা কাৰ্যসূচী ৷
উক্ত কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটাৰ কয়াকুছিত ব্যৱসায়ী গৰাকীয়ে অনুষ্ঠিত কৰা এখন সজাগতা সভাত অংশগ্ৰহণ কৰে শতাধিক মুছলমান লোকে ৷ গুৱাহাটীৰ পৰা বৰপেটাৰ কয়াকুছিলৈ হেলিকপ্টাৰেৰে আহি প্ৰতিষ্ঠিত ব্যৱসায়ী তথা জে এফ ফাউণ্ডেচনৰ সঞ্চালক হাবিব মহম্মদ চৌধুৰীয়ে কয়াকুছি বজাৰত অনুষ্ঠিত সজাগতা সভাত অংশগ্ৰহণ কৰে ৷