অসম

assam

By

Published : Dec 16, 2022, 1:47 PM IST

Updated : Dec 16, 2022, 2:18 PM IST

ETV Bharat / state

Groom Demand Dowry : উকা দলিলত চহী কৰাৰ চৰ্ত দি দৰা নাহিল বিয়া পাতিবলৈ !

খবৰ আহিল দৰা নাহে বিয়া পাতিব (groom refused to marry) । অৱশ্যে একেষাৰে নাহোঁ বুলিও নক'লে । আহিব, কিন্তু নিৰ্দিষ্ট চৰ্তত । চৰ্ত পূৰণ নকৰিলে বিয়াত নবহে দৰা ।

Howli
Howli

উকা দলিলত চহী কৰাৰ চৰ্ত দি দৰা নাহিল বিয়া পাতিবলৈ !

বৰপেটা, ১৬ ডিচেম্বৰ : এনেকৈয়ে ভাগেনে সপোন... ! কথা আছিল অগ্নি দেৱতাক সাক্ষী কৰি সাত পাক ঘূৰি সাত জনমৰ বাবে একেলগে থকাৰ পণ লোৱাৰ । কথা আছিল সুখে-দুখে, জীৱনে-মৰণে অটুট বন্ধনেৰে বান্ধ খাই থকাৰ । কথা আছিল দুখন হৃদয় একেলগ হৈ জীৱন বাটত বাট বুলাৰ । তাৰ বাবে সম্পন্ন হৈছিল সকলো প্ৰস্তুতি । মাহ-হালধি সানি নোওৱা-ধুওৱা সকলো সমাপ্ত ।

আয়তীৰ উৰুলিৰে বাকী আছিল মাথোঁ আনুষ্ঠানিকতা । সামাজিক স্বীকৃতিৰে এখন ঘৰৰ পৰা আন এখন ঘৰলৈ ওলাই যোৱাৰ অপেক্ষাৰত মুহূৰ্ত । কিন্তু নিমিষতে সকলো শেষ । ভাগি গ'ল সপোনৰ ডেউকা । কইনা সাজেৰে হোমৰ গুৰিত বহিবলৈ অপেক্ষা কৰি থকা এগৰাকী যুৱতীৰ মূৰত অকস্মাতে ভাগি পৰে আকাশী সৰগ । হতভম্ব কইনাঘৰীয়া । দিকবিদিক হেৰুৱালে কইনাৰ পিতৃ-মাতৃ, পৰিয়াল তথা আত্মীয়-কুটুম্বই ।

খবৰ আহিল দৰা নাহে বিয়া পাতিব (groom refused to marry) । অৱশ্যে একেষাৰে নাহোঁ বুলিও নক'লে । আহিব, কিন্তু নিৰ্দিষ্ট চৰ্তত । চৰ্ত পূৰণ নকৰিলে বিয়াত নবহে দৰা । যাৰ ফলত নিস্বাৰ্থভাৱে এখন ঘৰ ত্যাগ কৰি আন এখন ঘৰ, এজন অচিনাকি লোকক আপোন কৰিবলৈ আগবঢ়া যুৱতীগৰাকী হৈ পৰে মূক বধিৰৰ দৰে (Groom demand dowry from bride family) । এৰা, সমাজ ব্যৱস্থাৰ অভিশাপ স্বৰূপ যৌতুক প্ৰথাৰ বাবেই থানবান হ'ল এগৰাকী যুৱতীৰ ভৱিষ্যতৰ বুটাবছা সপোন ।

ঘটনাটো সংঘটিত হৈছে বৰপেটা জিলাৰ হাউলীৰ খাটালপাৰাত (guwahati groom refuses to marry barpeta bride) । বিয়াৰ সকলো ধৰণৰ আয়োজন সম্পূৰ্ণ হোৱাৰ পিছতো অৱশেষত হোমৰ গুৰিত বহিবলৈ নাহিল দৰা । গুৱাহাটীৰ হেঙেৰাবাৰীৰ লিচুবাগানৰ দিব্যজ্যোতি তালুকদাৰৰ স'তে বিবাহৰ দিন আছিল হাউলী খাটালপাৰাৰ ধীৰা দাসৰ ৷

বিবাহৰ সম্পূৰ্ণ আয়োজন চলিছিল ধীৰা দাসৰ ঘৰত । অধীৰ অপেক্ষাৰে আছিল কইনাঘৰীয়া- দৰা আহিব আহিব বুলি । কিন্তু তেনেদৰেই মিনিটৰ পিছত ঘণ্টা আগবাঢ়িল । কিন্তু দৰা আহি নাপালে কইনা ঘৰ । অন্তিম মুহূৰ্তত দিলে এক মৰ্মান্তিক খবৰ । নিশা প্ৰায় তিনি বজাত কইনা ঘৰত ফোন কৰি জনোৱা হ'ল বিয়া কৰাবলৈ নাহে দৰা ।

অৱশ্যে একেবাৰো নাহোঁ বুলিও নক'লে । দৰা আহিব লাগিলে এক নিৰ্দিষ্ট চৰ্ত পূৰণ কৰিব লাগিব কইনাঘৰে (Guwahati groom demanded dowry from howly bride) । বিবাহ সম্পন্ন হ'ব লাগিলে কইনাঘৰে দৰা পক্ষক চহী কৰি দিব লাগিব উকা দলিলত (groom demanded sign in blank document) ।

অভিযোগ উঠিছে বিবাহ ঠিক হোৱাৰ পিছৰে পৰা যৌতুক বিচাৰি ব্যতিব্যস্ত কৰিছিল দৰাৰ পৰিয়ালে ৷ তাৰ পিছতে বিয়াৰ দিনা চূড়ান্ত আঘাত দিয়ে দৰা পক্ষই । যাৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় কইনাৰ পৰিয়ালত । শোকত ভাগি পৰে কইনাৰ পৰিয়াল ৷

লগতে পঢ়ক :Padmanath Gohain Baruah Birth Anniversary : তেজপুৰত পদ্মনাথ গোহাঞি বৰুৱাক স্মৰণ

Last Updated : Dec 16, 2022, 2:18 PM IST

ABOUT THE AUTHOR

...view details