বৰপেটা, 17 ডিচেম্বৰ:এনেকৈয়ে সপোনবোৰ ভাগে...চানচিল্ক চেম্পুৱে যেতিয়া বিয়া ভাঙে...৷ হয়, বৰপেটাৰ বিয়াখনক লৈ এতিয়া ৰাজ্যজুৰি চলিছে সৰৱ চৰ্চা চলি থকাৰ কথা আপুনি নিশ্চয় অৱগত ৷ জোৰোণত কম দামৰ সামগ্ৰী দিয়াক লৈ কইনাই ভাবী স্বামীলৈ প্ৰেৰণ কৰা অভিযোগৰ মেচেজৰ পিছতেই বিয়াত নবহাৰ সিদ্ধান্ত ল’লে গুৱাহাটীৰ দৰা দিব্যজ্যোতি তালুকদাৰে(Guwahati groom refused to marry) ৷
এই ঘটনাক লৈ এতিয়া অব্যাহত আছে দৰা আৰু কইনা পক্ষৰ অভিযোগ প্ৰতি-অভিযোগ ৷ দৰা দিব্যজ্যোতি তালুকদাৰে(Groom Dibyajyoti Talukdar) কইনা ধীৰা দাসৰ(Bride Dhira Das) বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰাৰ পিছতেই এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কইনাৰ ভাতৃয়ে ৷
কইনা ধীৰা দাসে দৰালৈ কৰা মেছেজ সম্পৰ্কে ধীৰা দাসৰ ভাতৃৰ মন্তব্য- ‘‘ জোৰোণ দি যোৱাৰ পিছতেই দৰাৰ দেউতাকে ফোন কৰি জনাইছিল জোৰোণত অহা লোকক দিয়া খাদ্য হেনো ভাল নহ'ল ৷ হয়তো খাদ্যখিনি ভাল নাপাব পাৰে ৷ কাৰণ জোৰোণত অহা সময় আছিল দূপৰীয়া ৷ কিন্তু জোৰোণ আহি পাইছিল প্ৰায় ৪ বজাৰ পিচত ৷’’
মুঠৰ ওপৰত এতিয়া আত্মপক্ষ সমৰ্থনত উঠি পৰি লাগিছে দুয়োটা পক্ষ ৷ পুনৰ কইনাৰ ভাতৃৰ মন্তব্য- ‘‘ আমি ধনী ঘৰৰ মানুহ নহয়, বহু কষ্ট কৰি বিয়াখন পাতিছিলোঁ, তেওঁলোকে কইনাই কাপোৰ যোৰ বেয়া পিন্ধিছে বুলি কৈছিল, গহনাও তেওঁলোকে বিচৰামতে নাছিল, তাৰ পিছতহে জোৰোণৰ বস্তুক লৈ কথাৰ কটাকটি হৈছিল দুয়োৰে মাজত ৷’’