বৰপেটাৰ আদালতত পুনৰ হাজিৰ জিগনেশ মেৱানী বৰপেটা, 25 আগষ্ট : পুনৰ বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কংগ্ৰেছ নেতা জিগনেশ মেৱানী ৷ গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেছ মেৱানীৰ বিৰুদ্ধে বৰপেটা ৰোড থানাত ৰুজু হোৱা এটা গোচৰ মৰ্মে শুকুৰবাৰে বিধায়কগৰাকী বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হয় ৷ ইয়াৰ পূৰ্বে ১৭ জুলাইতো বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হৈছিল কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানী ৷
শুকুৰবাৰে আদালতত হাজিৰ হোৱাৰ পূৰ্বে জিগনেশ মেৱানীয়ে সাংবাদিকৰ আগত চাৰ্জশ্বীট ফ্ৰেম হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰে ৷ ২০২২ চনৰ ২১ এপ্ৰিলত বৰপেটা ৰোড থানাত 81/2022 নং গোচৰ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ 294/323/353/354 ধাৰাত ৰুজু হোৱা গোচৰত জিগনেশ মেৱানীক পূৰ্বে বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ মূলতঃ ৰাজহুৱা দায়িত্ব পালনত বাধা আৰু মহিলা আৰক্ষীৰ শালীনতা ভংগৰ অভিযোগত বিধায়কগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ মৰ্মে আজি আদালতত হাজিৰ হয় বিধায়ক জিগনেশ মেৱানী ৷
আদালতত হাজিৰ হোৱাৰ পূৰ্বে জিগনেশ মেৱানীয়ে ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস থকাৰ কথা উল্লেখ কৰি তেওঁৰ বিৰুদ্ধে মিছা অভিযোগেৰে গোচৰ ৰুজু কৰাৰ কথা ব্যক্ত কৰে ৷ এই গোচৰটো কেৱল ভুৱাই নহয়, এয়া সম্পূৰ্ণ পৰিকল্পিত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি তীৰ্যক বাক্যবাণ নিক্ষেপ কৰে ৷ কেৱল তেওঁৰ ক্ষেত্ৰতে নহয় আন কাৰো ক্ষেত্ৰতে পলিটিকেল টাৰ্গেটিং হ’ব নালাগে বুলি প্ৰকাশ কৰে জিগনেশ মেৱানীয়ে ৷
তেওঁ লগতে কয় যে, ন্যায় ব্যৱস্থাক যথেষ্ঠ সন্মান কৰোঁ ৷ মোৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু হৈছে যদিও এই ক্ষেত্ৰত যি ন্যায়িক প্ৰক্ৰিয়া আছে তাক সন্মান কৰিম বুলি কয় তেওঁ ৷ অসমৰ আদালতে যেতিয়াই তেওঁক মাতিব তেতিয়াই তেওঁ উপস্থিত হ’ব বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷ লগতে অসমৰ জনতাইও যেতিয়াই মাতিব তেতিয়াই আহিম বুলিও কয় তেওঁ ৷
লগতে পঢ়ক :Breaking lock up in Haflong : হাফলঙত লক আপ ভাঙি পলায়ন কৰে