জনীয়া, 19 জুলাই :বাৰিষা পৰাৰ লগে লগে ৰাজ্যত অব্যাহত আছে প্ৰৱল বৰষুণ ৷ বৰষুণৰ ফলত অন্যন্যা নদ-নদীসমূহৰ লেখিয়াকৈ বৰপেটা জিলাৰ বেঁকী নৈতো (Beki River) ভয়ংকভাৱে বৃদ্ধি পাইছে জলপৃষ্ঠ ৷ ইতিমধ্যে বেঁকী নৈৰ গৰাখহনীয়াত কলগাছিয়াকে আজি কৰি বিভিন্ন প্ৰান্তৰ নৈ পৰীয়া ৰাইজৰ ঘৰ মাটি ভেটি নৈৰ বুকুত বিলীন হৈ বিস্তৰ ক্ষতিসাধন হৈছে ৷ সমান্তৰালকৈ বেঁকী নৈৰ গৰাখহনীয়াৰ কৱলত পৰিছে কলগাছিয়াৰ শওঁপুৰ কৰাৰকুৰ বেঁকী দলংৰ গাইড বান্ধটো । প্ৰায় ৫০ মিটাৰ গাইড বান্ধৰ জিঅ' বেগ সমূহ চপৰা চপৰে বেঁকী নৈৰ বুকুত যাবলৈ ধৰিছে ।
নৈখৰ গৰখহনীয়াৰ বাবে ৰাজ্যিক ঘাইপথ আৰু বেঁকী দলং খনলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে । কিন্তু বৰপেটাৰ জলসম্পদ বিভাগে (Barpeta Water Resource Department) প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত এতিয়ালৈ কোনো ধৰণৰ ব্য়ৱস্থা নকৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ বিগত কেইবাদিন ধৰি হৈ থকা বৰষুণৰ বাবে খহনীয়াৰ কৱলত পৰি প্ৰায় ৫০ মিটাৰ গাইড বান্ধ ইতিমধ্যে নৈত জাহ গৈছে।
স্থানীয় লোকৰ অভিযোগ অনুসৰি, বছৰ বছৰ ধৰি একাংশ ভূ-মাফিয়াই নৈখনত পৰা অবৈধভাৱে বালি খনন কৰাৰ ফলত কলগাছিয়াৰ বলাইপথাৰৰ পৰা খাৰবাল্লী আৰু আমগুৰি হৈ বেঁকী নদীৰ সুঁতি ওলাই বিকল্প সুঁতিৰ সৃষ্টি কৰিছে । তাৰ ফলতেই এই সুঁতিটোত আৰম্ভ হৈছে ভয়ংকৰ খহনীয়া ।