অসম

assam

By

Published : Jul 28, 2021, 5:54 PM IST

ETV Bharat / state

বৰপেটাৰ বাসগৃহত নাজমূলৰ নশ্বৰদেহ : ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য

সোমবাৰে মিজো সীমান্ত (Assam Mizoram border)ৰ লাইলাপুৰত মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণত শ্বহীদ হৈছিল বৰপেটাৰ হাউলীৰ কদমগুৰি গাঁৱৰ নাজমূল হক । নাজমূল হকে ২০০১ চনত বৰপেটাৰ হাউলীৰ এটি দৰিদ্ৰ পৰিয়ালৰ পৰা গৈ অসম আৰক্ষীৰ ৬ নং ABPN ত যোগদান কৰিছিল । সোমবাৰে তেওঁৰ আকস্মিক মৃত্যুৰ খবৰে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলবাসীকে শোকাহত কৰি তুলিছে ।

guard-of-honour-to-sahid-nazmul-haque
বৰপেটাৰ বাসগৃহত নাজমুলৰ নশ্বৰ দেহ : ৰাজ্যিক মৰ্যদাৰে হ’ব শেষকৃত্য

বৰপেটা, ২৮ জুলাই :সোমবাৰে মিজো সীমান্ত(Assam Mizoram Border)ৰ লাইলাপুৰত মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণত শ্বহীদ হোৱা নাজমূল হকৰ নশ্বৰদেহ বুধবাৰে বৰপেটাৰ হাউলীৰ কদমগুৰি গাঁৱৰ বাসগৃহলৈ অনা হয় । সম্প্ৰতি কদমগুৰি গাঁৱৰ ঈদগাহ ময়দানত ৰখা হৈছে শ্বহীদ জোৱানগৰাকীৰ নশ্বৰদেহ ৷ জোৱানজনৰ নশ্বৰদেহ আহি পোৱাৰ পিছতেই সৃষ্টি হয় শোকাকুল পৰিৱেশৰ ৷ কান্দোনত ভাঙি পৰে আত্মীয়-স্বজন ৷

বৰপেটাৰ বাসগৃহত নাজমূলৰ নশ্বৰদেহ

নাজমূল হকৰ নশ্বৰদেহ আহি পোৱাৰ পাছতেই শোকত মৰ্মাহত হৈ পৰে সমগ্ৰ গাঁওবাসী । জোৱানজনক সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শ্ৰদ্ধা নিবেদন কৰি শেষকৃত্য সম্পন্ন কৰা হ’ব । বৰপেটা জিলা প্ৰশাসন (Barpeta district administration)ৰ তৰফৰ পৰা জিলা উপায়ুক্ত (Deputy Commissioner)তেজ প্ৰসাদ ভূশাল, আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ লগতে আৰক্ষীৰ কেইবাগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াই জোৱানজনৰ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

বৰপেটাৰ বাসগৃহত নাজমূলৰ নশ্বৰদেহ

শ্বহীদ জোৱানৰ কণমানি দুই পুত্ৰই পিতৃলৈ জন‍ালে শেষ শ্ৰদ্ধা । ১১ বছৰীয়া বৰপুত্ৰই চেলুট জনাই শেষবিদায় জনাই পিতৃক ৷ মৰমৰ মানুহজনক হেৰুৱাই শোকত ভাগি পৰে নাজমূলৰ পত্নী ৷

ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য

মিজো সীমান্তত শ্বহীদ হোৱা নাজমূল হকৰ আপোন গাঁৱখনতে বুধবাৰে জানাজা সম্পন্ন কৰা হ’ব ৷ শ্বহীদ জোৱানজনৰ পত্নীয়ে "মোৰ স্বামী দেশৰ বাবে শ্বহীদ হৈছে, মই সুখী ৷ কিন্তু আৰু যেন কোনো শ্বহীদ হ’ব নালাগে ৷ মই মোৰ দুই পুত্ৰৰ ভৱিষ্যত বিচাৰো" বুলি কান্দি কান্দি প্ৰকাশ কৰে ৷

লগতে পঢ়ক :অসম-মিজোৰাম সীমান্ত সংঘাত: তিনি আৰক্ষী অধীক্ষকৰ সাল-সলনি

ABOUT THE AUTHOR

...view details