কলগাছিয়া, 18 মাৰ্চ: কলগাছিয়াৰ বলাইপাথাৰত দুটা পক্ষৰ মাজত প্ৰচণ্ড ৰণ । পুৰুষ, মহিলা, আবাল, বৃদ্ধ কোনে কাক গতিয়াইছে তাৰ হিচাপ নাই ৷ এটা পক্ষই ঘৰৰ ভিতৰলৈ ঠেলাৰ বিপৰীতে আনটো পক্ষই ঠেলিছে বাহিৰলৈ ৷ পিছে এই ৰণৰ মূল কাৰণটো কি তাক জানিবলৈ মাজলৈ যাও আহক ঘটনাৰ মাজলৈ ৷
ঠেলা-হেঁচাখনৰ মূলতে এখন বিয়া ৷ বিয়াখন হৈছিল বহলাইপাথাৰ গাঁৱৰ আবুল হোছেইনৰ পুত্ৰ সানিদুল ইছলাম আৰু চলাকুৰা গাঁৱৰ ছোবুৰ উদ্দিনৰ কন্যাৰ মাজত ৷ দৰা-কইনা দুয়োৰে সন্মতিত ইছলামিক বিধি আৰু আদালতৰ আইনী প্ৰক্ৰিয়াৰ মাজতেই সমপন্ন হৈছিল বিবাহ ৷ সেইখিনিলৈকে সকলো ঠিকেই আছিল ৷ কিন্তু 20 দিন পূৰ্বতে সম্পন্ন হোৱাৰ বিয়াৰ পিছতেই নিৰুদ্দেশ হয় নৱবিবাহিত সানিদুল ইছলাম ৷ দৰা নিৰুদ্দেশ হোৱাৰ বাতৰিটো অৱগত হোৱাৰ পাছতেই হুৱা-দূৱা লাগিল সংসাৰৰ সপোন ৰচি পচন্দৰ সংগীজনৰ লগত বিবাহপাশত আবদ্ধ হোৱা যুৱতীগৰাকীৰ লগতে পৰিয়ালৰ মাজত ৷
বিয়াৰ পিছতো সংগীবিহীন এক দুঃসময় কটাবলগীয়া হোৱা যুৱতীগৰাকীয়ে সানিদুল ঘূৰি আহিব বুলি বাট চাই আছিল যদিও যোৱা 20 দিনে উভতি নাহিল ৷ কোনো শুংসূত্ৰ নাই সানিদুলৰ (Groom escapes after marriage in Kalgachia)৷ বিবাহিতা কন্যাগৰাকীক লৈ স্বাভাৱিকতেই উপায়ন্তৰ হৈ পৰিল যুৱতীগৰাকীৰ মাতৃগৃহৰ পৰিয়ালটো ৷ উপায়ন্তৰ হৈ যুৱতীগৰাকীৰ পৰিয়ালটোয়ে সিদ্ধান্ত ল’লে, সানিদুলৰ কোনো দেখাদেখি নাই যদিও তেওলোকৰ কন্যাক স্বামীগৃহত চমজাই দিব ৷ সেই অনুসৰিয়েই বৃহস্পতিবাৰে টালি-টোপোলাসহ যুৱতীগৰাকীক লৈ সকলো উপস্থিত হ’লগৈ সানিদুল ইছলামৰ ঘৰত ৷ আৰু ইয়াৰ পিছতেই আৰম্ভ হ’ল এখন কুৰুক্ষেত্ৰ ৷