বৰপেটা,২৬ আগষ্ট:ৰঘুমলা শিপাৰ দৰে বাঢ়িছে গাঁও পঞ্চায়তসমূহৰ দুৰ্নীতি(Corruption in panchayats) । সাধাৰণ জনতাৰ নামত অহা আঁচনিৰ ধনেৰে পকেট গৰম কৰাৰ ধান্দাত ব্যাপক দুৰ্নীতিত লিপ্ত হৈছে পঞ্চায়ত কৰ্মী তথা পঞ্চায়ত কৰ্মীৰ আত্মীয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বৰপেটাৰ গাঁও পঞ্চায় সমূহতো দেখা গৈছে ব্যাপক দুৰ্নীতি । এইবাৰ আঁচনিৰ ধন আত্মসাৎ কৰি ৰঙাঘৰৰ আলহী হ'ল বৰপেটাৰ এখন গাঁও পঞ্চায়তৰ সভানেত্ৰী(GP president arrested) ।
বৰপেটা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কুমুল্লিপাৰা গাঁও পঞ্চায়তৰ কংগ্ৰেছ সভানেত্ৰী ৰুমা পাৰবিন চুলতানা খানম ৷ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সভানেত্ৰীগৰাকীৰ স্বামী আলাল উদ্দিনকো(GP president and husband arrested) ৷ গাওঁ পঞ্চায়তখনৰ সচিবৰ চহী জাল কৰি সভানেত্ৰী আৰু সভানেত্ৰীৰ স্বামীয়ে উলিয়াই নিছিল আঁচনিৰ বৃহৎ পৰিমানৰ ধন ৷ গাওঁ পঞ্চায়তখনৰ সচিবৰ চহী জাল কৰি আঁচনি ৰূপায়ন নকৰাকৈয়ে চতুৰ্দশ বিত্তীয় আয়োগৰ ২৫ লক্ষাধিক টকা উলিয়াইছিল সভানেত্ৰীগৰাকী আৰু তেওঁৰ স্বামীয়ে ৷