অসম

assam

ETV Bharat / state

Job Mela inAssam: বৰপেটাৰ নিয়োগ মেলাত শ শ নিবনুৱা যুৱক-যুৱতীৰ অংশগ্ৰহণ - অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হৈছে নিয়োগ মেলা

অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হৈছে নিয়োগ মেলা (Job Mela at Barpeta)। বৰপেটাৰ আই টি আইৰ ছোৱালী আবাসগৃহত অনুষ্ঠিত নিয়োগ মেলাত হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে ভিৰ কৰে ।

Job Mela
বৰপেটাৰ নিয়োগ মেলাত শ শ নিবনুৱা যুৱক যুৱতীৰ অংশগ্ৰহণ

By

Published : Dec 23, 2021, 9:42 PM IST

বৰপেটা, ২৩ ডিচেম্বৰ:অসমৰ বিভিন্ন জিলাৰ লগতে বৰপেটা জিলাতো বৰপেটা নিয়োগ বিনিময় কেন্দ্ৰৰ সৌজন্যত নিয়োগ মেলাৰ আয়োজন কৰা হয় (Job Mela at Barpeta) । যথেষ্ট সংখ্যক শিক্ষিত যুৱক-যুৱতীয়ে যোগদান কৰা দেখা গৈছে নিয়োগ মেলাত । বিভাগীয় কৰ্তৃপক্ষই জনোৱা মতে নিয়োগ মেলাৰ সাক্ষাৎকাৰত উত্তীৰ্ণ প্ৰাৰ্থীসকলে বৰপেটা জিলাৰ লগতে অসমৰ বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব ।

যাৰ বাবে হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে এটা চাকৰিৰ আশাত পুৱাৰ পৰাই ভিৰ কৰিছে বৰপেটাৰ আই টি আইৰ ছোৱালী আবাসগৃহত অনুষ্ঠিত নিয়োগ মেলাত ৷ নিয়োগ মেলা উদ্বোধন কৰে বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে । উদ্বোধন কৰি উপায়ুক্তগৰাকীয়ে কয় যে চাকৰি সীমিত, এটা চাকৰিৰ বিপৰীতে প্ৰায় ৫০০ জন প্ৰাৰ্থী থিয় হ'ব ৷ যোগ্যতা থকা যুৱক-যুৱতীয়েহে চাকৰি লাভ কৰিব ৷

বৰপেটাৰ নিয়োগ মেলাত শ শ নিবনুৱা যুৱক যুৱতীৰ অংশগ্ৰহণ

তেওঁ কোৱা মতে চাকৰি নোপোৱাসকলে হতাশাত ভুগিব নালাগে ৷ এই প্ৰতিযোগিতাৰ যুগত প্ৰতিজন যুৱক-যুৱতীয়ে নিজকে উন্নত শিক্ষাৰ জৰিয়তে নিজকে উপযুক্ত কৰি তুলিবলৈ আহ্বান জনায় ৷ আনহাতে বৰপেটা জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰৰ উপ সঞ্চালিকা অজন্তা চৌধুৰীয়ে জনায় যে ২০ টা ব্যক্তিগত কোম্পেনী অহাৰ কথা আছিল যদিও ১০ টা ব্যক্তিগত কোম্পেনীয়ে নিয়োগ মেলাত উপস্থিত হয় ৷ এই কোম্পেনীসমূহৰ সৰ্বমুঠ খালী পদৰ সংখ্যা প্ৰায় ৫০ টা হ'ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :Job Mela in Tezpur : পচন্দৰ চাকৰি বিচাৰি তেজপুৰত নিবনুৱাৰ ভীৰ

ABOUT THE AUTHOR

...view details