অসম

assam

ETV Bharat / state

কেন্দ্ৰলৈ 204 কোটি টকাৰ আঁচনি প্ৰেৰণ কৰা হৈছে : ৰাজ্যপাল জগদীশ মুখী - বাক্সাত উপস্থিত ৰাজ্যপাল জগদীশ মুখী

বেকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন ৰাজ্যপাল জগদীশ মুখীৰ ৷ বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে 204 কোটি টকাৰ আঁচনি প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ লগতে ইতিমধ্যে বিত্ত বিভাগৰ অনুমোদন হোৱা বুলি জানিবলৈ দিয়ে ৰাজ্যপালগৰাকীয়ে ৷

govornor visited erosion at baksa
govornor visited erosion at baksa

By

Published : Jul 31, 2020, 5:10 AM IST

বৰপেটা, 30 জুলাই : বৃহস্পতিবাৰে বেকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ বাক্সাত গৈ উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী ৷ বাক্সাৰ ছুনবাৰী বিশপানী আৰু ছাফাকামাৰত উপস্থিত হৈ ৰাজ্যপালগৰাকীয়ে বেকী নৈৰ প্ৰৱল গৰাখহনীয়া পৰ্যবেক্ষণ কৰে ৷ এই পৰিদৰ্শন কাৰ্যকালত স্থানীয় লোকৰ সৈতে মত বিনিময় কৰ অতি ক্ষিপ্ৰতাৰে সাময়িকভাৱে বাঁহৰ পাৰ্কোপাইনেৰে বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে ৰাজ্যপালগৰাকীয়ে ৷

ইয়াৰ পাছতেই ৰাজ্যপাল গৰাকীয়ে মানাহৰ মথনগুৰীত উপস্থিত হৈ মথনগুৰীস্থিত বাংলোত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি মানাহৰ বাহবাৰী ৰেঞ্জকাৰ্যালয়ৰ সমীপত এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত ৰাজ্যপাল জগদীশ মুখীয়ে কয় বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে 204 কোটি টকাৰ আঁচনি প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ কথা ৷ লগতে ইতিমধ্যে বিত্ত বিভাগৰ অনুমোদন হোৱা বুলি জানিবলৈ দি মাত্ৰ কাৰিকৰী বিভাগৰ অনুমোদন পালেই বেকীৰ গৰাখহনীয়া প্ৰতিৰোধৰ স্থায়ী কাম আৰম্ভ হ’ব বুলি উল্লেখ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৷

কেন্দ্ৰলৈ 204 কোটি টকাৰ আঁচনি প্ৰেৰণ কৰা হৈছে : ৰাজ্যপাল জগদীশ মুখী

বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় জল আয়োগলৈ প্ৰেৰণ কৰা আঁচনি ৰাজ্যপালগৰাকীয়ে ব্যক্তিগতভাৱে লাগি কেন্দ্ৰীয় কাৰিকৰী বিভাগৰ পৰা অনুমোদন কৰি অনাৰ বাবে ৰাজ্যপালগৰাকীয়ে নিজে বেকী নৈৰ গৰাখহনীয়া পৰ্যবেক্ষণ কৰাৰ কথাও দোহাৰে ৷

বেকী নৈৰ গৰাখহনীয়াত ইতিপূৰ্বে বহু লোকৰ ভেটি মাটি উছন হোৱাৰ পাছতো কোনোধৰণৰ ক্ষয়ক্ষতি নোপোৱা সম্পৰ্কত শুধা এক প্ৰশ্নৰ উত্তৰত ৰাজ্যপাল জগদীশ মুখীয়ে কয় পূৰ্বতে চৰকাৰৰ তালিকাত গৰাখহনীয়াক প্ৰাকৃতিক দুৰ্যোগ হিচাপে গণ্য কৰা নহৈছিল ৷ কিন্তু পঞ্চদশ বিত্তীয় আয়োগত গৰাখহনীয়াক প্ৰাকৃতিক দুৰ্যোগ হিচাপে গণ্য কৰা হৈছে ৷ এই নীতি কাৰ্যকৰী হলেই গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হোৱা লোকেও ক্ষতিপূৰণ লাভ কৰিব বুলিও ৰাজ্যপালগৰাকীয়ে উল্লেখ কৰে ৷ এই ভ্ৰমণসূচীত ৰাজ্যপালগৰাকীক আছা, এবিএমছুৰ তৰফৰ পৰা বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰদান কৰা হয় ৷

সংবাদমেলৰ অন্তত বাক্সা জিলা আৰক্ষী প্ৰশাসনে গাৰ্ড অৱ অনাৰেৰে বিদায় সম্ভাষণ জনায় ৷ বেকীৰ গৰাখহনীয়া পৰিদৰ্শন কালত ৰাজ্যপালগৰাকীৰ লগত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিটিএডি প্ৰশাসক ৰাজেশ প্ৰসাদ, বৰপেটাৰ উপায়ুক্ত, বাক্সাৰ উপায়ুক্ত আৰু জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা সহ শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত থাকে ৷

লগতে চাওক-প্ৰলয়ংকৰী বান : মৃতকৰ সংখ্যা 108 লৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details