বৰপেটাৰোড, ২৭ জুলাই :বৰপেটাৰ সৰভোগত ভয়ংকৰ ঘটনা । চৰকাৰে হিতাধিকাৰীক প্ৰদান কৰিছে প্লাষ্টিকৰ চাউল (Government supplies plastic rice to beneficiaries)! সুলভ মূল্যৰ দোকানীয়ে হিতাধিকাৰীক প্লাষ্টিকৰ চাউল যোগান ধৰাৰ অভিযোগ ৰাইজৰ । সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ উত্তেজনা ।
সৰভোগৰ ৪ নং ৱাৰ্ডৰ কেইবাটাও দৰিদ্ৰ হিতাধিকাৰীয়ে সৰভোগৰ নৃপেন নামৰ এগৰাকী লোকৰ চৰকাৰী সূলভ মূল্যৰ দোকানৰ পৰা চৰকাৰে যোগান ধৰা চাউল আনিছিল । কিন্তু এগৰাকী হিতাধিকাৰীয়ে চাউলখিনি ধুবলৈ লওঁতেই আচৰিত হৈ পৰে । কিয়নো পানীত দিয়াৰ লগে লগে চাউলখিনি পানীত ওপঙি উঠে ৷ চাউলখিনি পানীত ওপঙি উঠাত হতভম্ব হৈ পৰে হিতাধিকাৰী মহিলাগৰাকী ৷ লগে লগে চাউলখিনি প্লাষ্টিকৰ বুলি মনত সন্দেহ ওপজে মহিলাগৰাকীৰ ।
সেয়ে উক্ত পৰা একলগে চাউল অনা আন এঘৰত গৈ তেওঁলোকৰ চাউলখিনিও পৰীক্ষা কৰে মহিলাগৰাকীয়ে । সেইটো পৰিয়ালৰ চাউলখিনিও পানী ওপঙি থকাত চাউলখিনি প্লাষ্টিকৰ বুলি তেওঁলোক নিশ্চিত হয় ৷ পাছত এখন চামুচত চাউল অলপ লৈ জুই লগাই দিয়াত চাউলখিনিত জুই লাগি গলি যায় আৰু দুৰ্গন্ধ ওলায় ৷ লগে লগে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । চৰকাৰে দৰিদ্ৰ ৰাইজক এনেদৰে প্লাষ্টিকৰ চাউল যোগান ধৰা বুলি গুৰুতৰ অভিযোগ তোলে অঞ্চলটোৰ মহিলাসকলে (Fair price shopkeepers give plastic rice in Sorbhog)।