অসম

assam

By

Published : Nov 21, 2020, 5:42 PM IST

ETV Bharat / state

বিক্ৰী কৰিবলৈ নিয়া অৱস্থাত চৰকাৰী সামগ্ৰী জব্দ

বিক্ৰী কৰিবলৈ নিয়াৰ সময়ত বৰপেটাত চৰকাৰী সামগ্ৰী জব্দ ৷ বৰপেটাৰ বহৰীৰ সমীপৰ কাকধোৱাত স্থানীয় ৰাইজৰ দ্বাৰা ২০ বস্তা অৰ্গেনিক পাউদাৰ জব্দ ৷ চৰকাৰে কৃষকক বিনামূলীয়াকৈ আগবঢ়োৱা বায়' পাৱাৰ নামৰ অৰ্গেনিক পাউদাৰ বিধ বিক্ৰীৰ বাবে লৈ যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

বিক্ৰী কৰিবলৈ নিয়া অৱস্থাত চৰকাৰী সামগ্ৰী জব্দ
বিক্ৰী কৰিবলৈ নিয়া অৱস্থাত চৰকাৰী সামগ্ৰী জব্দ

বৰপেটা, 21 নৱেম্বৰ:বিক্ৰীৰ বাবে লৈ যোৱাৰ সময়তে বৰপেটাত স্থানীয় ৰাইজে জব্দ কৰিলে চৰকাৰে যোগান ধৰা বিনামূলীয়া সামগ্ৰী ৷ শুকুৰবাৰে এখন ই-ৰিক্সাৰে দোকানত বিক্ৰী কৰিবলৈ নিয়া অৱস্থাত ৰাইজে 20 বস্তাকৈ অৰ্গেনিক পাউদাৰ জব্দ কৰে ৷

বিক্ৰিৰ বাবে নিয়া অৱস্থাত চৰকাৰে যোগান দিয়া অৰ্গেনিক পাউদাৰ জব্দ

ই-ৰিক্সাৰে বিক্ৰীৰ বাবে নি থকা বস্তা সমূহত বিক্ৰীৰ বাবে নহয় বুলি লিখি থোৱা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে সন্দেহবশতঃ ই-ৰিক্সা খন ৰখাই সোধ-পোচ কৰাত সামগ্ৰী খিনি চৰকাৰী বুলি গম পাই স্থানীয় ৰাইজে বৰপেটা জিলাৰ বহৰিৰ সমীপৰ কাকধোৱাত উক্ত সামগ্ৰী খিনি জব্দ কৰে ৷

অভিযোগ অনুসৰি পীড়লাভিঠা গাঁৱৰ পথাৰ পৰিচালনা সমিতিৰ সভাপতি ছফিকুল ইছলামে বহৰি বজাৰৰ শ্বাহ আলম নামৰ এজন লোকৰ দোকানত বিক্ৰীৰ বাবে উক্ত সামগ্ৰীখিনি ই-ৰিক্সাৰে প্ৰেৰণ কৰিছিল ৷

জানিব পৰা মতে মাটিৰ স্বাস্থ্য পৰীক্ষা কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে ৰাজ্যৰ কৃষি বিভাগে কৃষক সকলক বিনামূলীয়াকৈ বায়' পাৱাৰ নামৰ অৰ্গেনিক (জীন) পাউদাৰ যোগান দিয়াৰ ব্যৱস্থা কৰিছিল ৷ পিছে কৃষকৰ বাবে বিনামূলীয়াকৈ আগবঢ়োৱা মাটিৰ উৰ্বৰা বৃদ্ধি কৰা বায়' পাৱাৰ নামৰ অৰ্গেনিক পাউদাৰ বিধ দোকানত বিক্ৰী কৰিবলৈ নিয়াৰ সময়তে স্থানীয় ৰাইজে জব্দ কৰে ৷

বৰপেটাৰ কৃষি বিভাগে জনোৱা মতে, প্ৰায় ৬ মাহ পূৰ্বে গাঁও পঞ্চায়ত সমুহৰ জৰিয়তে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্য কৃষকলৈ এই অৰ্গেনিক পাউদাৰ সমূহ আগবঢ়ােৱা হৈছিল ৷ কৃষকৰ বাবে চৰকাৰে বিনামূলীয়াভাৱে বিতৰণ কৰা অৰ্গেনিক পাউদাৰসমূহ এনেদৰে গোপনে বীজ ভাণ্ডাৰত বিক্ৰী কৰিবলৈ নিয়াৰ ঘটনাই স্বাভাৱিকতে স্থানীয় ৰাইজক ক্ষুব্ধ কৰি তুলিছে ৷ একাংশ গাঁও পঞ্চায়তৰ দুৰ্নীতিগ্ৰস্ত মুৰব্বীৰ কাৰ্যকলাপত ক্ষুব্ধ ৰাইজে এতিয়া উচিত তদন্তৰ দাবী কৰিছে ৷
লগতে পঢ়ক:বি পি এফৰে এতিয়া ভংগ নহয় মিত্ৰতাঃ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব

ABOUT THE AUTHOR

...view details