বৰপেটা, 1 নৱেম্বৰ : ভূপেন দা বিহীনভাৱে পাৰ হ’ল 11 টা বছৰ (Death anniversary of Bhupen Hazarika) ৷ কিন্তু আজিও অসমবাসীৰ হিয়াৰ আমঠু শিল্পীগৰাকী জীয়াই আছে প্ৰতিগৰাকী অসমবাসীৰ মনত (Legendary singer Bhupen Hazarika) ৷ কিয়নো অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী, বিশ্ব বৰেণ্য, সুধাকণ্ঠ, ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাই অসমীয়াৰ বাবে কৰা কৰ্মৰাজিয়ে অসমবাসীক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিবলৈ সক্ষম হৈছে (Memorial Day of Legendary singer Bhupen Hazarika) ৷
সমাগত 5 নৱেম্বৰ, সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণৰ দিন ৷ অন্য দিনৰ লেখিয়াকৈ বিশেষকৈ 5 নৱেম্বৰৰ দিনা সুধাকন্ঠক স্মৰণ কৰিব সকলো অসমীয়াই ৷ সুধাকন্ঠৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা 5 নৱেম্বৰৰ দিনটোলৈকে এই পাঁচোটা দিন ৰাজ্যৰ সৰ্বত্ৰে বিশেষকৈ দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, সভা-সমিতি, ৰাজহুৱা তথা ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠান, আনকি প্ৰতিটো পৰিয়ালতে সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰাৰ লগতে তেওঁৰ গীত বজাবলৈ অসমবাসীলৈ আহ্বান জনাইছে গতি অসমে ৷
লগতে পঢ়ক :Sankardev Sangha Controversy : টাইপাৰ ৬ নৱেম্বৰ চৰাইদেউ জিলা বন্ধ প্ৰত্যাহাৰ