বৰপেটা,22 আগষ্ট: বিতৰ্কৰ তুংগত থাকি ভালপোৱা বিজেপিৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে এইবাৰ আইনৰ কাষ চাপিল ৰাজ্যৰ খিলঞ্জীয়া গৰীয়া মৰীয়াসকল ৷ আজান ফকীৰ সম্পৰ্কে টুলুঙা মন্তব্য কৰি গৰীয়া মৰীয়া দেশী লোকসকলক কৰা অপমানৰ বিৰুদ্ধে আজি বৰপেটা সদৰ থানাত গোচৰ ৰুজু কৰে গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে ৷
শিলাদিত্য দেৱৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত গোচৰ ৰুজু - Goriya moriya desi jatiya parisad
আজান ফকীৰ সন্দৰ্ভত টুলুঙা মন্তব্য কৰি গৰীয়া মৰীয়া দেশী লোকসকলক কৰা অপমানৰ বিৰুদ্ধে আজি বৰপেটা সদৰ থানাত গোচৰ ৰুজু কৰে গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে ৷
![শিলাদিত্য দেৱৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত গোচৰ ৰুজু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4210191-thumbnail-3x2-sila.jpg)
শিলাদিত্য দেৱৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত গোচৰ ৰুজু
শিলাদিত্য দেৱৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত গোচৰ ৰুজু
উল্লেখ্য যে এটা ব্যক্তিগত টিভি চেনেলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে আনকি আজান ফকীৰক আজমলৰ সৈতে তুলনা কৰাৰ লগতে আজান ফকীৰৰ সৃষ্টি জিকিৰ আৰু জাৰী সমুহৰ বিষয়েও অতি তাচ্ছিল্যপূৰ্ণ মন্তব্য কৰিছিল ৷ আৰু তাৰ পাছতেই বৃহস্পতিবাৰে গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি আতিকুল হক আৰু সম্পাদক চলমান হুছেইনে শিলাদিত্য দেৱৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত ৰুজু কৰে গোচৰ ৷