অসম

assam

By

Published : Aug 9, 2019, 9:11 AM IST

ETV Bharat / state

দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ পৰা জব্দ চুৰি সামগ্ৰী

দুৰ্ঘটনাত পতিত হোৱা গাড়ীৰ পৰা উদ্ধাৰ হয় প্ৰায় আঢ়ৈ লক্ষাধিক টকাৰ একেই সামগ্ৰী । হাউলীৰ সাধু বজাৰৰ শহিদুল ইছলাম নামৰ এজন ব্যাক্তিয়ে 2.5 লাখ টকাৰ সামগ্ৰী 1 লাখ টকাত কিনি লৈ যোৱা অৱস্থাত শাহেৰ আলীৰ ঘৰৰ সন্মুখতে দুৰ্ঘটনাত পতিত হয় মাল ভৰ্তি ব'লৰো পিক আপ'

দুৰ্ঘটনাগ্ৰস্থ গাড়ূীৰ পৰা জব্দ চুৰি সামগ্ৰী

বৰপেটা, 9 আগষ্টঃ বৰপেটাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি কলণীত দুৰ্ঘটনাত পতিত হোৱা গাড়ীৰ পৰা উদ্ধাৰ কেইবা লাখ টকাৰ চুৰি সামগ্ৰী ৷ লগতে বালিকুৰি কলনীৰে শাহেৰ আলী নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা উদ্ধাৰ হয় প্ৰায় 5 লাখ টকাৰ গেলামাল সামগ্ৰী । দুৰ্ঘটনাত পতিত হোৱা গাড়ীৰ পৰাও উদ্ধাৰ হয় প্ৰায় আঢ়ৈ লক্ষাধিক টকাৰ একেই সামগ্ৰী । হাউলীৰ সাধু বজাৰৰ শহিদুল ইছলাম নামৰ এজন ব্যাক্তিয়ে 2.5 লাখ টকাৰ সামগ্ৰী 1 লাখ টকাত কিনি লৈ যোৱা অৱস্থাত শাহেৰ আলীৰ ঘৰৰ সন্মুখতে দুৰ্ঘটনাত পতিত হয় মাল ভৰ্তি ব'লৰো পিক আপ' । শহিদুল ইছলামৰ অংশীদাৰ তথা হাউলীৰ ইটাৰভিটাৰ ইকৰামুল ইছলামক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক । জব্দ গেলামালৰ সামগ্ৰীসহ AS-15-J-7666 নম্বৰৰ বাজাজ এভেঞ্জাৰ মটৰ চাইকেল আৰু দুৰ্ঘটনাত পতিত হোৱা AS-25CC-5647 নম্বৰ ব'লৰ পিক আপ । বুধবাৰে AS-01GC-7896 নম্বৰৰ ট্ৰাকেৰে বালিকুৰি কলনীৰ শাহেৰ আলীৰ ঘৰত আনিছিল গেলা মালৰ সামগ্ৰীখিনি । ঘটনাত জড়িত শহিদুল ইছলাম আৰু বুলবুল ইছলামৰ আন দুজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও উদ্ধাৰ হোৱা মালখিনিৰ লগত চাৰিজন লোক জড়িত থকাৰ স্বীকাৰোক্তি দিয়ে আটক হোৱা ইকৰামুল ইছলামে ।

দুৰ্ঘটনাগ্ৰস্থ গাড়ূীৰ পৰা জব্দ চুৰি সামগ্ৰী

ABOUT THE AUTHOR

...view details