অসম

assam

ETV Bharat / state

ঈদৰ বজাৰত আকাশলংঘী মূল্য বৃদ্ধি

পূৰ্বৰ তুলনাত প্ৰায় পাঁচ গুণ মূল্য বৃদ্ধিৰে কেচা জলকীয়া 160 টকা, আদা 120 টকা, শুকান জলকীয়া 130 টকা, পিঁয়াজ 80 টকা, নহৰু 80 টকা, জহা চাউল 70 টকা প্ৰতি কিলো বিক্ৰী কৰিছে ব্যৱসায়ী সকলে ৷

কলগাছিয়াত আকাশলংঘী মূল্য বৃদ্ধি

By

Published : Aug 11, 2019, 7:40 PM IST

বৰপেটা, 11 আগষ্টঃ কলগাছিয়াত ঈদ উপলক্ষে আকাশলংঘী মূল্য বৃদ্ধি । এক হাজাৰ টকীয়া বগা ইলাচি নিশাৰ ভিতৰতে হ'লগৈ পাঁচ হাজাৰ টকা । ঈদ-উদ-জোহাৰ সুযোগ গ্ৰহণ কৰি মধ্যভোগীয়ে মাধমাৰ সোধাইছে গ্ৰাহকক ।

উল্লেখযোগ্য যে, কাইলৈ অৰ্থাৎ সোমবাৰে ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ঈদ-উদ-জোহা উপলক্ষে ৰাইজে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে বজাৰ কৰিবলৈ ওলাই আহি চকুৰে সৰিয়হৰ ফুল দেখিছে গ্ৰাহকে ৷ দিন হাজিৰা কৰি পোৱা তিনিশ টকাৰে পঞ্চাশ গ্ৰাম বগা ইলাচি কিনিবলৈ সক্ষম হোৱা নাই গ্ৰাহকে । সেইদৰে পূৰ্বৰ তুলনাত প্ৰায় পাঁচ গুণ মূল্য বৃদ্ধিৰে কেচা জলকীয়া 160 টকা, আদা 120 টকা, শুকান জলকীয়া 130 টকা, পিঁয়াজ 80 টকা, নহৰু 80 টকা, জহা চাউল 70 টকা প্ৰতি কিলো বিক্ৰী কৰিছে ব্যৱসায়ী সকলে |

আনহাতে, কেৰেলাত বিগত বৰ্ষত বানত ইলাচি খেতি ধ্বংস হোৱাৰ লগতে কাশ্মীৰত চলি থকা যুদ্ধংদেহী পৰিস্থিতিৰ বাবে অসমলৈ বগা ইলাচিৰ আমদানি বন্ধ হোৱাত বিভিন্ন ধৰণৰ মছলা সমূহৰ জুই চাই মূল্য বৃদ্ধি হৈছে বুলি অভিযোগ ব্যৱসায়ীসকলৰ ।

কলগাছিয়াত আকাশলংঘী মূল্য বৃদ্ধি

ABOUT THE AUTHOR

...view details