অসম

assam

ETV Bharat / state

বৰপেটা আইন মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ - বৰপেটা আইন মহাবিদ্যালয়

কৰ'ণা পৰিস্থিতিৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে বৰপেটা আইন মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ । নাম প্ৰসংগৰে বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । সোণালী জয়ন্তী উপলক্ষ্যে মহাবিদ্যালয়খনৰ উদ্যোগত গোটেই বছৰটো আলোচনা সভা, বিভিন্ন প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হ'ব ।

Barpeta Law College
বৰপেটা আইন মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ

By

Published : Sep 1, 2021, 6:45 PM IST

বৰপেটা,১ ছেপ্তেম্বৰ :৫০ বছৰীয়া হ'ল বৰপেটা আইন মহাবিদ্যালয় (Barpeta Law College) ৷ আইন মহাবিদ্যালয় খনৰ ৫০ বছৰীয়া যাত্ৰাক উদযাপনৰ বাবে বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে । মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী (Golden jubilee) বৰ্ষ উপলক্ষ্যে বছৰজোৰা কাৰ্যসূচীৰ মঙলবাৰে শুভাৰম্ভ কৰা হয় ।

বৰপেটাৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ অনুষ্ঠানখনে ৫০ বছৰত ভৰি দিয়াক লৈ মহাবিদ্যালয়খনৰ সৈতে জড়িত সকলো লোকেই আজি উৎফুল্লিত ৷ অৱশ্যে মহাবিদ্যালয় অধ্যক্ষই জনোৱা মতে মহামাৰী কৰ'ণাৰ বাবে বিস্তৃত্ব ৰূপত আয়োজন কৰিব পৰা নগ'ল সোণালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠান । অৱশ্যে তাৰ মাজতো মঙলবাৰে বিশেষ দিনটোত পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু নাম প্ৰসংগৰে আধ্যাত্মিক পৰিৱেশৰ মাজত আইন মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যসূচী মুকলি কৰা হয় ৷

বৰপেটা আইন মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ

ক'ভিড পৰিস্থিতিৰ (Covid situation) বাবে আইন মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ সকলো আনুষ্ঠানিকতা বাদ দি নাম প্ৰসংগৰ আয়োজন কৰিয়েই সোণালী জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচী মুকলি কৰা হয় ৷ সোণালী জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীত বিভিন্ন সময়ত আলোচনা সভা, বক্তৃতানুষ্ঠান আৰু সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হ'ব ৷ ইফালে সোণালী জয়ন্তীৰ শুভাৰম্ভ কাৰ্যসূচীত জিলা উপায়ুক্তৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

মহাবিদ্যালয়খনৰ বৰ্তমানৰ আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলেও কাৰ্যসূচীত অংশগ্ৰহণ কৰে । অধ্যক্ষগৰাকী আশা কৰা মতে পৰিস্থিতি সুস্থিৰ হ'লে সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান জাক জমকতাৰে আয়োজন কৰিব । সামৰণি অনুষ্ঠানৰ বাবে ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিকো নিমন্ত্ৰণ জনোৱাৰ কথা উল্লেখ কৰিছে অধ্যক্ষগৰাকীয়ে ।

লগতে পঢ়ক :চাপৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাম-কাজৰ বুজ ল'লে মন্ত্ৰী বিমল বৰাই

ABOUT THE AUTHOR

...view details