বৰপেটা,8 মে’ঃ দীৰ্ঘদিনে শয্যাশায়ী বিশিষ্ট শিল্পী-সাহিত্যিক গোকুল পাঠকৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটে ৷ বৰপেটা প্ৰেছ ক্লাবৰ তৎপৰতাত শুকুৰবাৰে স্থানীয় অংকুৰম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে পাঠকক ৷ বৰপেটাৰ সমাজ জীৱনৰ মহীৰূহ গৰাকীক সম্প্ৰতি চিকিৎসালয়ৰ ভিআইপি কেবিনত তিনিগৰাকী চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে ৷ ইপিনে, সাহিত্যিক গৰাকীৰ চিকিৎসা ব্যয় সম্পূৰ্ণ বিনামূলীয়া হ'ব বুলি ঘোষণা কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ৷
সাহিত্যিক গোকুল পাঠকক চিকিৎসালয়ত ভৰ্তি - অংকুৰম চিকিৎসালয়
অধিক শাৰিৰীক অৱনতি ঘটাৰ বাবে ৰাজ্যৰ বিশিষ্ট সাহিত্য়িক বৰপেটা নিবাসী গোকুল পাঠকক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ৷ বৰপেটা প্ৰেছ ক্লাবৰ সদস্যসকলে পাঠকক স্থানীয় চিকিৎসালয়ত শুকুৰবাৰে ভৰ্তি কৰোৱায় ৷ সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে সাহিত্যিক গৰাকী ৷
গোকুল পাঠকৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি
উল্লেখ্য যে, অসম চৰকাৰৰ দ্বাৰা বিষ্ণু ৰাভা বঁটা বিজয়ী, বৰপেটা ৰত্ন সন্মানেৰে বিভূষিত, বৰপেটা সত্ৰৰ ইতিহাস গ্ৰন্থৰ প্ৰণেতা বিশিষ্ট শিল্পী-সাহিত্যিকগৰাকী বিগত কেবাদিনো ঘৰতে অসুস্থ অৱস্থাত চিকিৎসাধীন হৈ আছিল ৷
লগতে চাওকঃৰে'ড জ'নত পৰিণত হ'ব নেকি অসম !