অসম

assam

শিক্ষকতাৰ পবিত্ৰ বৃত্তিক কুলষিত কৰা এগৰাকী "ছাৰ"!

By

Published : Oct 10, 2019, 7:43 PM IST

ৰাজ্যত এতিয়া সুৰক্ষিত নহয় শিক্ষাৰ্থী ৷ খোদ শিক্ষকৰ হাততেই লাঞ্চিত হৈছে শিক্ষাৰ্থী ৷ বৰপেটা জিলাত সংঘটিত হৈছে এই কাণ্ড ৷ চাওঁক আমাৰ এই প্ৰতিবেদন ৷

অভিযুক্ত শিক্ষক আনিচুৰ ৰহমান আজাদ

বৰপেটা, 10 অক্টোবৰঃমানৱ সম্পদ গঢ়া পবিত্ৰ বৃত্তিধাৰী এগৰাকী শিক্ষকৰ কৰ্মকাণ্ডত বিদ্যালয় এৰিবলৈ বাধ্য হৈছে একাংশ শিক্ষাৰ্থী ৷ বৰপেটা জিলাৰ ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত পূৱ গুনিয়ালগুৰি এম ই মাদ্ৰাছাত সংঘটিত হৈছে এই কাণ্ড ৷

অধিক পঢ়কঃ জনীয়া উপ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বৰপেটাত বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ

গুনিয়ালগুৰি এম ই মাদ্ৰাছাৰ শিক্ষক আনিচুৰ ৰহমান আজাদৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ মুখলজ্জা আৰু ভয়ৰ কাৰণে একাংশ শিক্ষাৰ্থীয়ে শিক্ষক আনিচুৰৰ কৰ্মকাণ্ড প্ৰকাশ কৰা নাছিল বাবেই দীৰ্ঘদিন ধৰি মাদ্ৰাছাখনৰ শিক্ষাৰ্থীসকলৰ ওপৰত যৌন নিৰ্যাতন চলাই আহিছিল শিক্ষক আনিচুৰ ৰহমান আজাদে ৷

অৱশেষত এগৰাকী সচেতন অভিভাৱকৰ তৎপৰতাত পোহৰলৈ আহে সমগ্ৰ কাণ্ড ৷ অভিভাৱক মিয়াচানে সমগ্ৰ ঘটনা সাংবাদিকৰ আগত ব্যক্ত কৰাৰ পিচতেই প্ৰায় দহৰো অধিক ছাত্ৰীয়ে শিক্ষকগৰাকীৰ কৰ্মকাণ্ড সাংবাদিকৰ আগত উল্লেখ কৰে ৷ শিক্ষাৰ্থীসকলে প্ৰকাশ কৰা তথ্য অনুসৰি, মাদ্ৰাছা শিক্ষক আনিচুৰ ৰহমান আজাদৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি বহুকেইগৰাকী শিক্ষাৰ্থীয়ে মাদ্ৰাছা ত্যাগ কৰিছে ৷ শেহতীয়াকৈ এগৰাকী শিক্ষাৰ্থীক অশ্লীল ভিডিঅ' দেখুৱাই গোপন অংগত হাত দিবলৈ চেষ্টা কৰোতেই শিক্ষাৰ্থীগৰাকীয়ে চিঞৰি পলাই সাৰে ৷

অধিক পঢ়কঃ ৰাজ্যত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ

ইয়াৰ পিচতেই একাংশ অভিভাৱক আৰু স্থানীয় ৰাইজে মাদ্ৰাছাখনত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ঘটনা সন্দৰ্ভত অভিভাৱক মিয়াচানে কলগাছিয়া আৰক্ষীত এজাহাৰ দাখিল কৰাৰ পিচতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট শিক্ষকগৰাকীক ৷ ইতিমধ্যে বৰপেটা চাইল্ড লাইনৰ সমন্বয়ক ৰফিকুল ইছলামে ছাত্ৰী-ছাত্ৰীসকলক সাক্ষাৎ কৰাৰ লগতে ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details