বৰপেটা , 25 নৱেম্বৰঃ সোমবাৰে সামৰণি পৰিল হাউলী ৰাস মহোৎসৱৰ ৷ পষেকযোৰা ঐতিহাসিক ৰাস মহোৎসৱৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে আৰক্ষীৰ সঞ্চালক প্ৰধান কুল শইকীয়া আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী ৷ সামৰণি অনুষ্ঠানত প্ৰখ্যাত ফুটবলাৰ গীলবাৰ্টছন চাংমালৈ আগবঢ়োৱা হয় "হাউলী বঁটা- ১৯" ৷ হাউলী ৰাস উদযাপন সমিতিয়ে খেলুৱৈগৰাকীক প্ৰদান কৰিলে এই বঁটা ৷ বঁটাৰ সৈতে খেলুৱৈজনলৈ আগবঢ়োৱা হয় অংগবস্ত্ৰ , জাপি , শৰাই , মানপত্ৰ , স্মাৰক আৰু 25 হাজাৰ টকাৰ চেক ৷
প্ৰখ্যাত ফুটবলাৰ গীলবাৰ্টছন চাংমালৈ "হাউলী বঁটা-১৯"
সামৰণি পৰিল হাউলী ৰাস মহোৎসৱৰ ৷ সামৰণি অনুষ্ঠানত অংশ ল'লে আৰক্ষীৰ সঞ্চালক প্ৰধান কুল শইকীয়া আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে ৷
সামৰণি পৰিল হাউলী ৰাস মহোৎসৱৰ