অসম

assam

By

Published : Jan 6, 2021, 9:37 PM IST

ETV Bharat / state

Geological survey of India ই সংগ্ৰহ কৰিলে পাঠশালাৰ ৰহস্যময় উল্কাপিণ্ডৰ টুকুৰা

চৰকাৰে পৰীক্ষা কৰিব বাক্সা জিলাৰ বৰমাত উদ্ধাৰ হোৱা ৰহস্যময় উল্কাপিণ্ডৰ টুকুৰা ৷ বুধবাৰে Geological survey of India ই পাঠশালাৰ পৰা ৰহস্যময় উল্কাপিণ্ডৰ টুকুৰাটো সংগ্ৰহ কৰে ৷ বজালী মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা উল্কাপিণ্ডৰ টুকুৰাটো সংগ্ৰহ কৰা হয় ৷ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ এগৰাকী শিক্ষকে সংৰক্ষণ কৰি ৰাখিছিল উল্কাপিণ্ডৰ টুকুৰাটো ৷

Geological survey of India ই সংগ্ৰহ কৰিলে পাঠশালাৰ ৰহস্যময় উল্কাপিণ্ডৰ টুকুৰা
Geological survey of India ই সংগ্ৰহ কৰিলে পাঠশালাৰ ৰহস্যময় উল্কাপিণ্ডৰ টুকুৰা

পাঠশালা, 6 জানুৱাৰী:ইটিভি ভাৰতত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পাছতে 22 নৱেম্বৰত বাক্সা জিলাৰ বৰমাৰ এখন খেতি পথাৰত উদ্ধাৰ হোৱা ৰহস্যজনক উল্কাপিণ্ডৰ টুকুৰাটো বুধবাৰে Geological survey of India ই পাঠশালাৰ পৰা সংগ্ৰহ কৰে ৷ ৰহস্যজনক উল্কাপিণ্ডৰ টুকুৰাটো অধ্যয়ন কৰাৰ উদ্দেশ্যে বজালী মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা Geological survey of India ই ৰহস্যজনক টুকুৰাটো সংগ্ৰহ কৰে ৷

বুধবাৰে Geological survey of India ই পাঠশালাৰ পৰা ৰহস্যময় উল্কাপিণ্ডৰ টুকুৰাটো সংগ্ৰহ কৰে

জানিব পৰা মতে, বিগত 22 নৱেম্বৰত এগৰাকী যুৱকে ৰহস্যময় উল্কাপিণ্ডৰ টুকুৰাটো খেতিপথাৰত প্ৰত্যক্ষ কৰিছিল ৷ তাৰ পাছতেই যুৱকগৰাকীৰ পৰিয়ালৰে এগৰাকী সদস্যই টুকুৰাটো আনি পাঠশালাৰ আনন্দ ৰাম বৰুৱা একাডেমীত সংৰক্ষণ কৰি ৰাখিছিল ৷ এই সন্দৰ্ভত ইটিভি ভাৰতত সবিস্তাৰে এক বাতৰি প্ৰকাশ হোৱাৰ পাছতে বিষয়টোৱে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে আৰু তাৰেই আলমত বুধবাৰে Geological survey of India ৰ এটা দলে উল্কাপিণ্ডৰ টুকুৰাটো বজালী মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰি লৈ যায় ৷

Geological survey of India ৰ বিষয়ববীয়াই উক্ত উল্কাপিণ্ডৰ টুকুৰাটো সংগ্ৰহ কৰি সেইটো কলকাতা লৈ প্ৰেৰণ কৰাৰ পাছতে যাৱতীয় পৰীক্ষা আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হব বুলি বিষয়ববীয়া সকলে জানিবলৈ দিছে ৷

উল্লেখ্য যে, নৱেম্বৰ মাহত পৃথিৱীৰ কাষেৰে এটা উল্কাপিণ্ড পাৰ হৈ যোৱাৰ সম্ভৱনা আছিল ৷ কিন্তু সেই উল্কাপিণ্ড পৃথিৱীত পৰিবনে নাই তাক লৈ বিজ্ঞানীসকল নিশ্চিত হ'ব পৰা নাছিল ৷ 22 নৱেম্বৰত বৰমাত এই ৰহস্যময় টুকুৰাটো উদ্ধাৰ হোৱাৰ পাছতে উল্কাপিণ্ডৰ টুকুৰা বুলি সন্দেহ কৰি পাঠশালা আনন্দৰাম বৰুৱা অকাডেমিৰ ৰেক্টৰ ড০ ৰণজিৎ ডেকা ই ভূ-তাত্বিক সকলক টুকুৰাটো পৰীক্ষা কৰাৰ বাবে আহ্বান জনাইছিল ৷ ইতিমধ্যে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰবক্তাই ৰহস্যময় টুকুৰাটো উল্কাপিণ্ড বুলি নিশ্চিত কৰিছে ৷

লগতে পঢ়ক:পাঠশালাত ৰহস্যময় উল্কাপিণ্ড !

ABOUT THE AUTHOR

...view details