হাউলীত দুষ্প্ৰাপ্য কেঁকোসাপসহ আটক দুই ব্যক্তিক
চোৰাংভাৱে বিক্ৰীৰ বাবে অনাৰ সময়তে হাউলী আৰক্ষীয়ে জব্দ কৰে সাপকেইডাল ৷ লগতে আটক কৰে সাপকেইটা বিক্ৰী কৰিবলৈ অহা মহিলাসহ দুজন সৰবৰাহকাৰী ৷ আৰক্ষীয়ে আটক কৰা মহিলা গৰাকী কলগাছিয়াৰ আমিনা খাতুন আৰু খৰিচালা গাৱৰ জিয়াৰুল ইছলাম ৷ ইপিনে আৰক্ষীৰ চকুত ধুলি মাৰি পলায়ন কৰে আন কেবাটাও সৰবৰাহকাৰী ৷
বৰপেটা,৫ জুনঃ বৰপেটাৰ হাউলীত জব্দ দুষ্প্ৰাপ্য কেঁকোসাপ ৷ মঙলবাৰে নিশা হাউলী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৭ ডালকৈ কেঁকোসাপ ৷ চোৰাংভাৱে বিক্ৰীৰ বাবে অনাৰ সময়তে হাউলী আৰক্ষীয়ে জব্দ কৰে সাপকেইডাল ৷ লগতে আটক কৰে সাপকেইটা বিক্ৰী কৰিবলৈ অহা মহিলাসহ দুজন সৰবৰাহকাৰী ৷ আৰক্ষীয়ে আটক কৰা মহিলা গৰাকী কলগাছিয়াৰ আমিনা খাতুন আৰু খৰিচালা গাৱৰ জিয়াৰুল ইছলাম ৷ ইপিনে আৰক্ষীৰ চকুত ধূলি মাৰি পলায়ন কৰে আন কেবাটাও সৰবৰাহকাৰী ৷ কলগাছিয়াৰ পৰা হাউলী মিলন বজাৰলৈ বিক্ৰীৰ বাবে আনিছিল কেঁকোসাপ কেইডাল ৷ আনহাতে, আৰক্ষীয়ে জব্দ কৰে AS-01DX-6365 মাৰুটি অল্ট' কে10 গাড়ী এখনো ৷ লোককেইজনে গাড়ী খনত এটা প্লাষ্টিকৰ বাল্টিত ভৰাই আনিছিল সাপকেইডাল ৷ কিন্তু দৰদাম নিমিলাৰ বাবেই বিক্ৰী কৰা নহ'ল সাপ কেইডাল ৷ আন্তৰাষ্ট্ৰীয় বজাৰত কেঁকোসাপকেইটাৰ মূল্য প্ৰায় ৩৫ লাখ টকা হ'ব বুলি অনুমান আৰক্ষীৰ ৷ আনহাতে, ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷