অসম

assam

ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাই ৰাজ ধৰ্ম পাহৰি গৈছে : গৌৰৱ গগৈ - বিধানসভা নিৰ্বাচন

বৃহস্পতিবাৰে চেঙা সমষ্টিৰ বহৰিত কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলী আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ গৌৰৱ গগৈয়ে ৷ বিজেপিক তীব্ৰ সমালোচনা কৰাৰ উপৰিও কংগ্ৰেছৰ 5 গেৰাণ্টীৰ কথা উল্লেখ কৰে সাংসদ গৰাকীয়ে ৷

gaurav-gogoi
গৌৰৱ গগৈ

By

Published : Apr 1, 2021, 7:03 PM IST

বৰপেটা,1 এপ্ৰিল : আগন্তুক 6 এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বহৰিত নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ গৌৰৱ গগৈয়ে ৷ বহৰিৰ কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলী আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ গৰাকীয়ে ৷

নিৰ্বাচনী ভাষণত বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে, ‘‘বিজেপি দলে ধৰ্মৰ নামত ৰাজনীতি কৰে , মন্দিৰৰ নামত ভোট বিচাৰে ৷ হিমন্ত বিশ্ব শৰ্মাই ৰাজ ধৰ্ম পাহৰি গৈছে’’ ৷

ইয়াৰোপৰি বিজেপিলৈ প্ৰশ্ন নিক্ষেপ কৰি তেওঁ কয় যে, ‘‘বিজেপি নেতৃত্বাধীন চৰকাৰে আজি পৰ্যন্ত ৰাজ্যত কিয় গৰুৰ চিণ্ডিকেট বন্ধ কৰিব পৰা নাই ? ক’ৰণাৰ সময়চোৱাত যেতিয়া হিমন্ত বিশ্ব শৰ্মাই ক’ৰণাৰ নামত এক বিশেষ সম্প্ৰদায়ৰ লোকক হাৰাশাস্তি কৰিছিল আৰু দলগাঁৱৰ খেতিয়কক অপমানসূচক মন্তব্য কৰিছিল, তেতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ক'ত আছিল ?’’

গৌৰৱ গগৈ

আনহাতে, এইবেলি মহাজোঁটৰ চৰকাৰ গঠন হ’লে প্ৰতিখন জিলাতে একোটাকৈ গো-শালা স্থাপনৰ প্ৰতিশ্ৰুতি দিয়ে সাংসদ গগৈয়ে ৷ লগতে কংগ্ৰেছৰ 5 গেৰাণ্টীৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ‘‘কংগ্ৰেছৰ পাঁচটা গেৰাণ্টীয়ে ৰাইজৰ মাজত প্ৰভাৱ পেলাইছে । কংগ্ৰেছৰ পাঁচটা গেৰাণ্টীৰ বাবে ৰাইজে কংগ্ৰেছক ভোট দিব । শান্তি ৰক্ষাৰ বাবে, সংস্থাপনৰ সুৰক্ষাৰ বাবে, অসম আন্দোলন সুৰক্ষিত ৰখাৰ বাবে কংগ্ৰেছক ভোট দিব ৰাইজে’’ ।

সভাত ৰাজ্যিক বিজেপি সভাপতি ৰণজিৎ কুমাৰ দাসে মহাজোঁটৰ অংশীদাৰ চিপিআই(এম)ৰ ভয়ত পলাবলগীয়া হৈছে বুলিও বিজেপি দলক কটাক্ষ কৰে গৌৰৱ গগৈয়ে । বদৰুদ্দিন আজমলে মঞ্চত গামোচা দলিওৱা সন্দৰ্ভত গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, আজমলে এই সন্দৰ্ভত স্পষ্টীকৰণ দিব লাগে ।

মহাজোঁটৰ চৰকাৰ হ’লে আজমলৰ হাতত তলা-চাবি থাকিব বুলি আজমলে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৌৰৱ গগৈয়ে কয় যে, তেওঁলোকৰ যিহেতু দলীয় প্ৰতীক তলা-চাবি, সেই তলা-চাবিৰ কথা কৈছে আজমলে । কিন্তু মহাজোঁটৰ চৰকাৰ হ'লে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে ৷

লগতে পঢ়ক :কমলপুৰত শান্তিপূৰ্ণ ভোটদান

ABOUT THE AUTHOR

...view details