বৰপেটা ৯ জানুৱাৰী:বৰপেটাৰ জনীয়াত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা ৷ বৰপেটা আৰক্ষীয়ে অভিযান চলাই গাঞ্জাসহ নিতাই দাস নামৰ এজন ব্যৱসায়ীকো আটক কৰে ৷
বৰপেটাত গাঞ্জাসহ আটক ব্যৱসায়ী - বৰপেটা আৰক্ষী
বৰপেটাৰ জনীয়াত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা ৷ বৰপেটা আৰক্ষীয়ে অভিযান চলাই গাঞ্জাসহ নিতাই দাস নামৰ এজন ব্যৱসায়ীকো আটক কৰে ৷

বৰপেটাত গাঞ্জাসহ আটক ব্যৱসায়ী
বৰপেটাত গাঞ্জাসহ আটক ব্যৱসায়ী
বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাই জনোৱা মতে,এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে গাঞ্জাসহ ব্যৱসায়ীজনক আটক কৰিবলৈ সক্ষম হয় ৷ধৃত ব্যৱসায়ীজনে জনীয়া বজাৰৰ নিজ দোকানত দীৰ্ঘদিন ধৰি এই গাঞ্জাৰ ব্যৱসায় চলাই আহিছিল বুলি দাবী কৰে আৰক্ষীয়ে ৷
লগতে পঢ়কঃ100+ আসন দখলৰ লক্ষ্যৰে গোলাঘাটত বিজেপিৰ সদস্যভৰ্তি অভিযান