বৰপেটাৰোড, 2 ফেব্ৰুৱাৰী:বৰপেটাৰোডৰ ৰেল আৰক্ষী আৰু ৰেলৱে সুৰক্ষা বাহিনীয়ে যৌথ অভিযান চলাই ১০ কিলো গাঞ্জা সহ দুজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Ganja seized at Barpeta Road railway station)৷ গাঞ্জা সৰবৰাহকাৰী দুজন শুকুৰ আলী আৰু নাজমা খাতুন ৷ ধৃত নাজমা খাতুনৰ ঘৰ কয়াকুছিৰ ভক্তৰদবাৰ সমীপৰ হেলচা পামত আৰু শুকুৰ আলীৰ ঘৰ বৰপেটাৰোডৰ নিচুকাত বুলি জানিব পৰা গৈছে ৷
বুধবাৰে পুৱতি নিশা বৰপেটাৰোডৰ পৰা নামনিমুৱা অবধ আছাম এক্সপ্ৰেছ ৰেলযোগে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌলৈ যাবলৈ দুয়ো বৰপেটাৰোড ৰেল ষ্টেচনলৈ আহিছিল ৷ গাঞ্জা সৰবৰাহকাৰীদ্বয়ে বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ ১ নম্বৰ প্লেটফৰ্মত ৰেলৰ বাবে অপেক্ষা কৰি থকাৰ অৱস্থাত ৰেল আৰক্ষী আৰু ৰেলৱে সুৰক্ষা বাহিনীয়ে যৌথভাৱে তালাচি চলাই গাঞ্জাসহ দুই গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে ৰেল আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰাত আদালতে দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷