অসম

assam

By

Published : Feb 18, 2020, 11:30 PM IST

ETV Bharat / state

বৰপেটাৰ হাউলীত জব্দ লক্ষাধিক টকাৰ গাঞ্জা

হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে এক অভিযান চলাই ১৬৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে আটক কৰে গাঞ্জা কঢ়িয়াই নিয়া ট্ৰাকখনৰ চলকক ৷ ত্ৰিপুৰাৰ আগৰতলাৰ পৰা পশ্চিমবংগলৈ লৈ গৈ থকাৰ সময়তে গাঞ্জাৰ ১৪ টা পেকেট জব্দ কৰে আৰক্ষীয়ে ৷

বৰপেটাৰ হাউলীত জব্দ লক্ষাধিক টকাৰ গাঞ্জা
বৰপেটাৰ হাউলীত জব্দ লক্ষাধিক টকাৰ গাঞ্জা

হাউলী,18 ফেব্ৰুৱাৰীঃ বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযান ৷ অভিযানত এখন ট্ৰাকৰ পৰা ১৬৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ৷ ত্ৰিপুৰাৰ আগৰতলাৰ পৰা পশ্চিমবংগলৈ লৈ গৈ থকাৰ সময়তে গাঞ্জাৰ ১৪ টা পেকেট জব্দ কৰে আৰক্ষীয়ে ৷ WB 25 B 5825 নম্বৰৰ ট্ৰাকখনত অভিযান চলাই আৰক্ষীয়ে গাঞ্জাসহ আটক কৰে ট্ৰাকখনৰ চালক মহম্মদ আহমেদ লালক ৷ চালকজনৰ ঘৰ পশ্চিমবংগৰ মুৰ্শ্বিদাবাদৰ মধ্য নাৰিকেল বস্তিত বুলি জানিব পৰা গৈছে ৷ গাঞ্জাখিনিৰ মূল্য প্ৰায় ১০ লাখ টকা হ'ব বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

বৰপেটাৰ হাউলীত জব্দ লক্ষাধিক টকাৰ গাঞ্জা

উল্লেখ্য যে, শনিবাৰ আৰু দেওবাৰেও হাউলীত এক অভিযান ৪ জন ড্ৰাগছ ব্যৱসায়ীলসহ ৬ লাখ ৫০ হাজাৰ টকাৰ ড্ৰাগছ জব্দ কৰিছিল হাউলী আৰক্ষীয়ে ৷

লগতে পঢ়কঃবৰপেটাৰোডৰ সাতভনীৰটোপত প্ৰশাসনৰ উচ্ছেদ

ABOUT THE AUTHOR

...view details