বৰপেটা, ১০ ডিচেম্বৰ : যিসময়ত সত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে সত্ৰ আয়োগ গঠনেৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে, সেই সময়তে বৰপেটাত বিজেপি নেতাই সত্ৰৰ মাটি বেদখলকাৰীৰ ৰূপত অৱতীৰ্ণ হোৱাৰ অভিযোগ উত্থাপন হৈছে (BJP leader alleged encroached Satra land) ৷
মাধৱদেৱ মহাপুৰুষে স্থাপন কৰা গণককুছি সত্ৰৰ দখলত থকা ৫ বিঘা মাটি এটা স্বেচ্ছাসেৱী সংস্থাৰ নামত বিজেপি নেতাজনে বেদখল কৰাৰ অভিযোগ সত্ৰ সমিতিৰ (Ganakkuchi Satra land encroached by BJP leader) ৷ সত্ৰৰ দখলত থকা মাটি বেদখলৰ বিৰুদ্ধে বিজেপি নেতা মুকুটৰঞ্জন দাসৰ বিৰুদ্ধে বৰপেটা সদৰ থানা আৰু আদালতত গোচৰ ৰুজু কৰিছে গণককুছি সত্ৰ সমিতিয়ে (Ganakkuchi Satra FIR against land encroachment) ৷
উল্লেখ্য যে মুকুটৰঞ্জন দাস বিজেপিৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক ৷ হিউমেন ৰিছ'ৰ্চ চেণ্টাৰ নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ নামত বিজেপি নেতাজনে সত্ৰখনৰ মাটি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে গণককুছি সত্ৰ পৰিচালনা সমিতিয়ে ৷ বৰপেটা সদৰ থানাত দাখিল কৰা এজাহাৰত সত্ৰৰ মাটি বেদখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী গণককুছি সত্ৰ পৰিচালনা সমিতিৰ (case against Barpeta BJP general secretary) ৷