অসম

assam

By

Published : Aug 7, 2020, 12:39 PM IST

ETV Bharat / state

অপৰাধমূলক কাৰ্যকলাপৰ ঘাটিলৈ পৰিণত সত্ৰনগৰী বৰপেটা

সত্ৰনগৰী বৰপেটা চহৰৰ সমীপৰ কান্দাপাৰা বজাৰত অবাধ পয়োভৰ ঘটিছে তীৰ, শেষ নম্বৰৰ লটাৰীকে ধৰি অপৰাধমূলক কাৰ্যকলাপৰ ৷ দীৰ্ঘদিনে চলি অহা এইসমূহ কাৰ্যৰ বিৰুদ্ধে গাঁওবাসীয়ে আৰক্ষীক অভিযোগ দাখিল কৰিছে যদিও গুৰুত্ব প্ৰদান কৰা নাই আৰক্ষীয়ে ৷

gambling at kandapara bazar barpeta assam etv bharat news
কান্দাপাৰা বজাৰ

বৰপেটা,৭ আগষ্ট: বৰপেটা জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধমূলক কাৰ্যকলাপ ৷ জিলাখনৰ মাজমজিয়াৰ সমীপৰ কান্দাপাৰা বজাৰত পৰিৱেশ বিনষ্ট কৰি গঢ়ি উঠিছে তীৰ, শেষ নম্বৰৰ লটাৰী, জুৱা, সুৰা, ড্ৰাগচ আদিৰ অবাধ প্ৰচলন ৷ উক্ত বজাৰখনত পুৱাৰ ভাগৰ পৰা সুলভ হোৱা এনেবোৰ দৃশ্যই চকু কপালত তুলিছে সচেতন মহলৰ ৷

কান্দাপাৰা বজাৰত বৃদ্ধি অপৰাধমূলক কাৰ্যকলাপ

আৰক্ষীৰ চকুত ধূলি মাৰি গঢ়ি উঠা জুৱাৰ বজাৰখনত চলিত কোনো কাৰ্যকলাপত বাধা দিলে জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি হয় গাঁওবাসীৰ ৷ স্থানীয় গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি এই বজাৰখনৰ অসামাজিক কাৰ্যকলাপৰ প্ৰতি পৰোক্ষ সমৰ্থন আছে আৰক্ষীৰ ৷ কিয়নো এই অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে ৰাইজে আৰক্ষীক কেইবাবাৰো অভিযোগ দিয়াৰ পিছত চকু মুদা কুলিৰ ভূমিকা গ্ৰহণ কৰিছে আৰক্ষীয়ে ৷ তদুপৰি আৰক্ষীয়ে কাচিৎ গাঁওবাসীক দেখুৱাই বজাৰখনত উপস্থিত হয় যদিও আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে এই কাৰ্যকলাপত জড়িত ব্যৱসায়ীসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ দীৰ্ঘদিনে অঞ্চলটোত চলি অহা এই বজাৰখনে বৃদ্ধি কৰিছে অপৰাধমূলক কাৰ্যকলাপ ৷ সম্প্ৰতি বজাৰখনত চলি থকা জুৱা খেলৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন আৰু আৰক্ষী অধীক্ষকক দাবী জনাইছে কান্দাপাৰাৰ গাঁওবাসীয়ে ৷

লগতে চাওকঃডিমা হাছাওত ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা 202 লৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details