অসম

assam

ETV Bharat / state

বৰপেটাত আৰক্ষীৰ ছত্ৰছায়াত জুৱা খেল চলি থকাৰ অভিযোগ

বৰপেটা জিলাৰ দংৰাত সাংস্কৃতিক সমাৰোহৰ গইনা লৈ একাংশ দুষ্টচক্ৰৰ লোকে জুৱাৰ মুকলি বেহা চলাই থকাৰ অভিযোগ ৷ "দংৰা ৰুৰেল ডেভেলপমেণ্ট ছ‘চাইটি" নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ উদ্যোগত আয়োজন কৰা হৈছিল সাংস্কৃতিক সমাৰোহৰ ৷

By

Published : Jan 20, 2021, 3:19 PM IST

Updated : Jan 20, 2021, 3:48 PM IST

gambling-at-bihu-mela
বৰপেটাত আৰক্ষীৰ ছত্ৰছায়াত জুৱা খেল চলি থকাৰ অভিযোগ

বৰপেটা, ২০ জানুৱাৰী: বৰপেটা জিলাৰ ভিন্ন স্থানত সাংস্কৃতিক সন্ধিয়া, মাঘ বিহু, পুষুৰা আদি অনুস্থানৰ নাম লৈ একাংশ দুষ্টচক্ৰই অশ্লীল নৃত্য, জুৱা আৰু নানা ধৰণৰ সামাজিক কাৰ্যকলাপ চলাই আহিছে । কিন্তু অতি ৰহস্যজনক ভাৱে বৰপেটা জিলাৰ আৰক্ষী তথা প্ৰশাসনে চকু মুদা কুলিৰ ভাওঁ জুৰি থকাৰ অভিযোগ উত্থাপন হৈছে । এই সন্দৰ্ভত প্ৰশাসনক বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰাটোৱেই একপ্ৰকাৰৰ ৰহস্যৰ সৃষ্টি কৰিছে ।

বৰপেটাত আৰক্ষীৰ ছত্ৰছায়াত জুৱা খেল চলি থকাৰ অভিযোগ

উল্লেখ্য যে, বৰপেটা জিলাৰ দংৰাৰ "দংৰা ৰুৰেল ডেভেলপমেণ্ট ছ‘চাইটি" নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ উদ্যোগত আয়োজিত সাংস্কৃতিক সমাৰোহৰ গইনা লৈ 15 খনতকৈ অধিক জুৱাৰ বিপনী চলাই থকা অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তা সকলে । উক্ত জুৱা খেলৰ বাবদ দংৰা ৰুৰেল ডেভেলভমেণ্ট নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে ৪ লাখতকৈ অধিক টকা সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপিত হৈছে ।

ইতিমধ্যে মাঘ বিহুৰ মেলাৰ নামত অশ্লীল নৃত্য আৰু জুৱা খেল বন্ধ কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৰপেটা জিলা উপায়ুক্তক কেইবা দফীয়া এক স্মাৰক পত্ৰও প্ৰদান কৰে ।
লগতে পঢ়ক: চেন্নাইত মৃত্যু কৰ্মৰত অসমীয়া যুৱকৰ

Last Updated : Jan 20, 2021, 3:48 PM IST

ABOUT THE AUTHOR

...view details